নিস্তব্ধ নিশাৰ বিধবষ্ট হৃদয়
"এইয়া হয়তো বহুত নিশা হ'ল"মানুহবোৰ হয়তো শুই পৰিছে ।
নিস্তৱদ্ধতাই গ্ৰাহ কৰিছে জয়াল নিশা
ঘোৰ আন্ধাৰে আৱৰি ৰাখিছে চৌদিশে
দুৰৈৰ কৰবাত নিশাচৰ প্ৰাণীৰ দুই এটা শব্দ ।
দুই এটা কুকুৰৰ ভূক-ভূকনি ।
দুৰৈৰ পৰা ভাঁহি আহিছে
দুই এটা মদাহী মানুহৰ ফুটা-নুফুটা উকি
হয়তো খেপিয়াই খেপিয়াই
ঘৰলৈ বুলু ওভতিছে ।
এৰা, হয়তো বহু নিশা হল…!
মোৰ দুচকুও টানি টানি ধৰিছে
গাটো কিবা অৱশ অৱশ লাগিছে
হাত ভৰিবোৰ লৰ-চৰ কৰিবলৈকো
কিৱা শক্তিহীন অনুভৱ হৈছে,
এৰা, হয়তো টোপনী ধৰিছে
কিন্তু, টোপনি যাব পৰা নাই
কিয় বাৰু…?
কিবা এক বেদনাত
মোৰ যে বুকুখন বিষাব ধৰিছে
কিবা এক বিৰহত
মোৰ যে বুকুখন জ্বলিব ধৰিছে
হয়, এনেকৈয়ে মই বহু নিশা পাৰ কৰিলো
প্ৰতি নিশা মোৰ বাবে কিমান যে কষ্টকৰ
সেয়া মই কেনেকৈ প্ৰকাশ কৰো
মই হয়তো বহুত দুৰ্ভগীয়া…।
কি কৰিম…?
মই আজি অসহায়……!
দুৰ্ভাগ্যই কেতিয়াও লগ নেৰে, হৃদয়ে তেতিয়া কান্দে
দুখ-বেদনাবোৰে যেতিয়া "হৃদয়খনক আৱৰি ধৰে"
দুচকুৱেদি দুখবোৰ চকুলো হৈ নিগৰি পৰে ।
এৰা, শেষ নিশা হয়তো মোৰ দুখবোৰ চকুলো হৈ নিগৰি পৰিব ।
এতিয়া মাজ নীশাহে…।।
কবি:- মৌচুম গগৈ
মোবাইল:- ৯১২৭১৯০৩৪৫



0 Comments