হৃদয়ৰ অনুভূতিৰে তোমালৈ
---------------------------------মই জানো তোমাৰো এখন হৃদয় আছিল
তোমাৰ হৃদয়তো
অনুভূতি নিশ্চয় আছিল
সেয়া মই বুজিছিলো
কিন্তু, আন এখন হৃদয়ৰ
মৰম অনুভূতিৰ সজ্ঞা
যদিহে বুজিব নোৱাৰা
তেন্তে, কিয় সেই হৃদয়ে
মৰম দিছিলা মোৰ হৃদয়ত
আষাৰ দেউকা মেলি উৰিৱলৈ
তুমিয়েটো সপোন দেখুৱাইছিলা মোক?
এতিয়া মোৰ হৃদয় হ্ৰদৰ অযুত সপোন খিনিত
ক্ৰমশ: বিয়পি পৰিছে বিষাদ স্মৃতি…!
কেনেকৈয়ে নিমিষতে হেৰাই গলো মই
তোমাৰ গোপন প্ৰেমৰ মৰমৰ ডাৱৰত
মই আজি আহত হলো
তোমাৰ বুকুৰ মৰমৰ ত্ৰিশূল খোচত
তুমি আঘাট সানিলা
মোৰ বুকুত, হৃদয়ত নহয় মোৰ "জীৱনটোত"
কেনেকৈ যে চিকাৰীৰ চকুৰ পৰা পলকতে
হেৰায় যায় বনৰ হৰিণী
কিন্তু, মই যে কিয় হেৰায় যাব নোৱাৰিলো
তোমাৰ দুচকুৰ পৰা
নিজকে কিয় বচাব নোৱাৰিলো
তোমাৰ বিষাক্ত ত্ৰিশূলৰ আঘাতৰ পৰা
এই কথা মই কোনোদিনেই নুবুজিম
হয়তো মৃত্যুৰ গোপন পৃথিৱীতো…।।
কবি :- মৌচুম গগৈ
মোবাইল :- ৯১২৭১৯০৩৪৫



0 Comments