তাই এদিন আহিছিল হঠাৎতে
মোৰ জীৱনলৈ……!তেতিয়া মোৰ বুকু নিশাহৰ দৰে নি:শব্দে
কেনেকৈযে শান্ত হৈ শুই আছিল
মোৰ মৰম আকুলোৱা স্বচ্ছ হৃদয়খন
আজিও মোৰ মনত আছে,
সেই দিনবোৰৰ কথা……!
তাই আহিছিল এদিন, আকৌ এদিন আকৌ এদিন
ইয়াৰ পিছত, দিনৰ পিছত দিন ধৰি…!
লাহে লাহে তাই মোৰ
হৃদয়ত থিতাপি লৈছিল গোপনে
হয়তো, সংগোপনে তাই মোৰ বুকুৰ গভীৰতালৈ
প্ৰৱেশ কৰিছিল……!
মায়াসনা তাইৰ চকুৰ চাৱনিত
মৌসনা তাইৰ মুখৰ হাঁহিটিত
দুৰু দুৰু কঁপিছিল মোৰ বুকুৰ ভিতৰখন……!
নাম নজনা অনুভূতিবোৰে
লাহে লাহে ভীৰ কৰিছিল হৃদয়ত,
ভাল লাগিছিল তাইক মোৰ……!
হয়তো ভালপাই পেলাইছিলো তাইক মই,
অজান পলকত ভৰি পৰিছিল মোৰ হৃদয়
ওঁঠেদি বাগৰি অহা তাইৰ এটি এটি শব্দ আছিল
যাদুৰ পৰশৰ দৰে……!
যেন শুনিয়ে থাকিম তাইৰ শব্দবোৰ অৱিৰাম…!
যেন চায়ে থাকিম তাইৰ ছৱিখন……!
যেন হেপাসেই নপলায়…!
কিবা যেন মায়া হনা,
কিবা যেন যাদু লগা…!
সেয়া, সেয়া যেন মই তাইৰ প্ৰেমত পৰিছিলো
মোৰ চকুযুৰিয়ে অহৰহ কেৱল
তাইকেই বিছাৰি ফুৰিছিল…!
তাইক কাষত পাবলৈ মই ব্যাকুল হৈ পৰিছিলো
কিন্তু……………!
কিন্তু, তাই এদিন মোৰ পৰা
আতৰি গল চিৰ দিনৰ বাবে…!
হয়তো জীৱনত কেতিয়াও দেখা দেখি নহব নেকি…?
তথাপিতো মোৰ দুচকুয়ে যে
আজিও তাইকেই বিছাৰি ফুৰে……!
পৰিপাটিকৈ সজাই ৰাখিছো মই তাইৰে ছৱি
তাইক হেৰুৱাইও,
নাজানু কিহৰ মায়াৰ মাজত
তাই একোকে নুবুজিলে……?
কেৱল মাথোন মোৰ সেউজীয়া হৃদয়ত
তাইৰ ভৰিৰে গচকি থান-বান কৰি দিলে
বিৰহত মোৰ হৃদয়ৰ সেউজীয়াবোৰে
ৰূপসলাবলৈ বাধ্য হল…!
প্ৰতিটো জোনাক নিশাৰ গধুলী
মোৰ বাবে এতিয়া অচিনাকী হৈ যাব ধৰিছে……!
কেতিয়াবাতো জোনাক নিশাৰ গধুলি
এতিয়াও মই চোতালৰ এমুৰে বহি
নাজানু কাৰ বাবে বাট চাওঁ…!
আকাশৰ চন্দমাৰ হাঁহিটিও যেন
মোৰ বাবে আজিকালি অনুজ্বল হৈ যাব ধৰিছে
সন্ধ্যাৰ তৰা ভৰা আকাশেও মোক,
মুগ্ধ কৰি তুলে…!
অনুভৱ হয়……!
কোনোবা যেন আহিব…!
আহি ধেমালী কৰিব
মোৰ দুবাহুত যেন সাৱতি ধৰিব,
যেন চুমাৰে উপচাই পেলাব দুগাল,
তাই যেন কুচ মুচ খান সোমাই যাব
মোৰ বুকুৰ মাজলৈ……!
অনুভৱ, মোৰ স্মৃতিৰ পৰশ
নাজানু কাৰ বাবে মই দিনৰ পিছত দিন
ৰাতিৰ পিছত ৰাতি ধৰি ৰৈ আছো,
অপেক্ষাৰত ৰৈ……!
হৃদয়ৰ দোৱাৰ খুলি ৰাখিছো
নাজানু কাৰ বাবে……।।
কবি:- মৌচুম গগৈ
ঠিকনা :- তিনিচুকীয়া
মোবাই :- ৯১২৭১৯০৩৪৫



0 Comments