মোৰ চকুযুৰি আজি কালি সেমেকি নুঠে
দুচকুৰে নিগৰি নাহে দুধাৰি চকুলোহয়তো, চকুৰ পানীবোৰ মোৰ শেষ হৈ গল
কাৰণ, বহু চকুলোৱেই নিগৰাই দিলো মই
নাজানো কিয় আৰু কাৰ বাবে …!
নীৰৱে গোপনে হয়তো তোমাৰ বাবেও
বহু চকুলো নিগৰালো মই …!
তোমাৰ এধানী হৃদয় চুই যোৱা মৰমৰ বাবে……!
কিয় বাৰু দিছিলা মোক তুমি সেই মৰম…?
মোৰ হৃদয়েতো নি:স্বাৰ্থ ভাবেই বিছাৰিছিল
সেই মৰম,…!
দিলা জানো তুমি মোক সেই মৰম…?
দিব নিবিছাৰিলা,
নোৱাৰিলা তুমি মোক
তোমাৰ মৰম,ভালপোৱাবোৰ হিয়াউজাৰী দিব…!!
দুখ লাগে মোৰ, কিন্তু দুখ লাগিলেও
মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন যায়,
কিন্তু কান্দিব নোৱাৰো…!
চকুপানীবোৰ যে মোৰ বৰফ হৈ গল…!
বুকুখনে কেতিয়াবা খুচমাৰি ধৰে…!
প্ৰেম হয়তো এনেকুৱাই নিষ্ঠুৰ নেকি…?
ওঁহো, "প্ৰম নিষ্ঠুৰ হবই নোৱাৰে,
- প্ৰেমক কোনোৱাই প্ৰতাৰনা কৰিলেও
নিষ্ঠুৰ দৰে লাগিলেও
প্ৰেম কেতিয়াও নিষ্ঠু হব নোৱাৰে,
নিষ্ঠুৰ আমি মানুহবোৰ…!!
প্ৰেম হৈছে,- দুখ, গুন, ভূল শুদ্ধৰ
সমাহাৰৰ এক সমষ্টি
উচিত অনুচিত থাকিব নোৱাৰে প্ৰেমত……!
বয়স, সৰু ডাঙৰ নাথাকে প্ৰকৃত প্ৰেমত
সকলো অনুভূতি জড়িত
এক অনুভূতিয়েই হৈছে প্ৰেম
কিন্তু,প্ৰেম স্বাৰ্থপৰ নহয়…,
স্বাৰ্থপৰ আমি মানুহবোৰ…!
প্ৰেমে কেতিয়াও ভুল নকৰে,
ভুল কৰে মানুহবোৰে…!!
কবি:- মৌচুম গগৈ
ঠিকনা :- তিনিচুকীয়া
মোবাই:- ৯১২৭১৯০৩৪৫



0 Comments