হৃদয় বাৰু কিয় ভাঙে আমাৰ ?
কাৰোবাক বিশ্বাস কৰাৰ পিছতো কিয় বাৰু বিশ্বাসঘাতকতা কৰেআমাক ?
প্ৰেমৰ নামত কিয় বাৰু সৰে আমাৰ চকুলো ?
এনেকুৱা বহু কথাৰ উত্তৰ বিচাৰি অৱশেষত আমি কি পাঁও
জানানে ?
চকুপানী , অশান্তি আৰু তীব্ৰ যন্ত্ৰণা ৷
আচলতে আমাৰ ভুল কোনখিনিত হৈ যায় আমি বুজিব
নোৱাৰোঁ ৷ আমি সাধাৰণ মানুহ ৷ মুখা পিন্ধা মানুহবোৰ আমি
চিনি নেপাওঁ ৷ আমি দহটা ৰূপ ধাৰণ কৰিব নোৱাৰোঁ সিহঁতৰ
দৰে ৷ আটাইতকৈ ভয়াৱহ সত্য আমাৰ কি জানেনে ?? আমি
প্ৰেমৰ নামতে হওক নতুবা অন্য ক্ষেত্ৰতে হওক
কাকো সহজতে আঘাত দিব নোৱাৰোঁ ৷ আমাৰ অন্তৰখন
বৰ দয়ালু প্ৰকৃতিৰ ৷ আনৰ দুখবোৰ চাই থাকিব নোৱাৰোঁ ৷
লাগিলে নিজে চকুলো টুকিম আনক হহুৱাব চেষ্টা কৰিম ৷
এইবোৰে হ’ল কাৰণ জীৱনত আমাৰ আঘাত পোৱাৰ ৷
আচলতে আমি সকলো জানি বুজিও আনৰ স্বাৰ্থৰ চিকাৰ হৈ
থাকো ৷ তথাপিও আমি নিৰৱে সহি যাঁও ৷ তথাপিও অধৰত হাঁহিটি
পিন্ধিয়ে থাকো ৷ যদি গাৰুটোৱে কথা ক’ব পাৰিলে হয়
তেতিয়া হয়টো বহুতো উজাগৰী ৰাতি আমাৰ মুৰত হাত বুলাই
ক’লে হয় “ হ’ব আৰু নাকান্দিবি , এইদৰে কান্দিলে জানো
কিবা লাভ হ’ব ? তোৰ লগত বিশ্বাসঘাতকতাৰ খেল
খেলাবোৰে সুখত আছে তই দুখ কৰি কি পাবি ? ”
জীৱনৰ দস্তাবেজত আমি কিমানবাৰ হতাশাত ভুগিছো ,
কিমানবাৰ জীৱন যুদ্ধত হাৰ মানিব লগা পৰিস্থিতি হৈ গৈছে হিচাপ
নাই ! কিন্তু আমি নিজৰ জীৱন ত্যাগ কৰা নাছিলো ৷ আকৌ
জীয়াব শিকিলো ৷ জীৱনৰ সেই যে বেয়া দিনবোৰ
আছিল ন’হ সেইবোৰে এতিয়া জীৱনত জীয়াব শিকায় ৷
পৰিস্থিতিবোৰৰ লগত যুঁজিব শিকায় ৷ তাতোকৈ মূল্যৱান কথাটি
কি জানে ? “ অত্যাধিক দুখৰ পৰিস্থিতিবোৰে আমাক বেছিকৈ
শক্তিশালী বনায় ৷ দুখবোৰ সহিব পৰাকৈ মনটিক দৃঢ়তা প্ৰদান
কৰে ৷ মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা ক’লো “ যেতিয়া
মোৰ দুখ লাগে নাইবা মনটি ভাল নালাগে মই সেইদিনা হেপাঁহ
পলুৱাই দুখৰ সময়খিনি উপভোগ কৰোঁ ৷ কাৰণ দুখ যিমান হৈ
ন’হ সিমানে মই লিখিব অনুপ্ৰেৰণা পাঁও ৷ মোৰ সৃষ্টিৰ
শলিতাডাল দুখৰ ক্ষণিকত জ্বলিছিল ৷ লিখিব আৰম্ভ কৰাৰ পৰা এই
দুখবোৰ সুখৰ অনুভূতিলৈ ৰূপান্তৰিত হ’ব ল’লে ৷ কাৰণ মই
জীৱনত পোৱা ঘাত প্ৰতিঘাতবোৰৰ পৰা শিক্ষা লৈছিলো ৷
যাৰ বাবে আজি বিনাদ্বিধাই ক’ব পাৰো মই সুখী কাৰণ মই
নিজক চিনিব শিকিছো ৷ কেৱল অলপ সাহসৰ প্ৰয়োজন
জীৱনত যুঁজিবলৈ আৰু এইখিনি সাহস আনৰ পৰা আশা নকৰিব ৷
নিজে নিজক উৎসাহ দিয়ক , প্ৰেৰণা দিয়ক ৷ আপুনি
আপোনাৰ নিজৰ বন্ধু হৈ পৰক ৷ জীৱনত নিজক ভাল পাব
শিকক ৷ নিজৰ ওপৰত বিশ্বাস ৰাখক ৷ আনে আপোনাৰ
বিষয়ে কি কৈছে বাদ দিয়ক ৷ আপুনি নিজৰ জীৱনটোক লৈ
জীয়াব শিকক ৷ কিন্তু এটা কথা কেতিয়াও স্বাৰ্থপৰ নহব,
কেতিয়াও আনক আঘাত দি সুখী হোৱাৰ চেষ্টা নকৰিব ৷
কেৱল সকলোৰে লগত লগাতকৈ বেছি Close নহব ৷ মিলি
থাকক জোখতকৈ বেছি নিজক আনৰ আগত উপস্থাপন নকৰিব
৷
অকলশৰীয়া অনুভৱে নিসংগতাৰ সৃষ্টি কৰে কিন্তু এই
অকলশৰীয়া অনুভৱ মোৰ সদায় প্ৰিয় হৈ ৰ’ব ৷ তেতিয়া
উপলব্ধি কৰিব সহজ হয় জীৱনৰ ভুলবোৰ , জীৱনৰ
লেখা:- শ্ৰীকল্যাণ জ্যোতি ডেকা



0 Comments