সময় বৰ বিচিত্ৰ, বৰ অদভূত…
মনৰ মাজতে গুৰুত্বৰ
আঘাত থাকিলেও
সময়ৰ কোমল প্ৰলেপে
এদিন তাক ঢাকি পেলায়…!
অপেক্ষাও কেতিয়াবা
হৈ পৰে মধুৰ,
জীয়াই থকাৰ অন্যতম প্ৰেৰণা…!
কাৰোবাৰ প্ৰেমময় অপেক্ষাই
এটা জীৱনৰ ধুসৰ ৰং
মচি দি কৰি তোলে বৰ্ণময় আৰু উজ্জল…!
কোনে জানো কৈছিল…!
যি ব্যক্তিৰ ওচৰত
জীৱনভৰ নাথাকিলে
এই পৃথিৱী অৰ্থহীন হৈ যাব
যেন ভাৱ হয়,
হয়তোবা সেই ব্যক্তিজনকেই 
মানুহে আটাইতকৈ বেছি ভাল পায়…!
পৃথিৱী এনেকৈয়ে চলে…!
বিশ্বাস আৰু অবিশ্বাসৰ মাজেৰে
প্ৰেম আৰু ঘৃণাৰ যুদ্ধৰে
হাঁহি আৰু কান্দোনৰ মিশ্ৰনেৰে…!
বিশ্বাস কৰা আৰু বিশ্বাস ৰখা
-এই দুটা কথাই জীৱনৰ
মূল কথা হোৱা উচিত…!
কিন্তু অনাগত ভৱিষ্যতৰ
বহু সময়লৈকে বিশ্বাস যোগ্য
হৈ থকাটো সহজ কথা নহয়,
খুব কম মানুহক বিশ্বাস ওপজে…!
এবাৰ বিশ্বাস ভাগিলে
সেই বিশ্বাস কেতিয়াও
পূৰ্বৰ দৰে ঠন ধৰি নুঠে
যেনেদৰে আধাভঙা ঘৰ এটাক
পূনৰ মেৰা -মতি কৰিলেও দাগ থাকি যায়…।।

কবি :- মৌচুম গগৈ