জীৱন্ত অতীত
আজি বহুদিন হল
ভাল লগা নাই মোৰ অকনো
কিয় জানো ভাল নালাগে একোকে
কেতিয়াবা মন যায়
বহু দুৰলৈ গুচি যাবলৈ
কেতিয়াবা মন যায়
হেৰাই যাবলৈ
মন, শৰীৰ, হৃদয় যেন
দুৰ্বল হৈ পৰে
ক্ষণে ক্ষণে মন আজি উৰা মাৰে
সৌ লৰালিৰ দিনবোৰলৈ…!
পলে পলে অনুভব কৰো
যৌৱনৰ সোনোৱালী সময়বোৰ
আজিতো একো নাই মোৰ এই জীৱনটোত
কত যে হেৰাই গল সৌ সিদিনাৰ
সপোন সপোন লগা শৈশৱৰ দিনবোৰ
উলাহত পাৰ কৰা যৌৱনৰ সোনোৱালী সময়বোৰ…!
কত বাৰু হেৰুৱালো সেয়া……?
সেয়া আজি অতীত হৈ গল,
কালৰ গৰ্বত বিলীন হৈ গল…!
মাটো ৰৈ গল…,
স্বপ্ন ছৱিৰ দৰে কিছু মাথো স্মৃতি…!
সোঁৱৰণীৰ কোঁহে কোঁহে 
স্মৃতিৰ পাটে পাটে…!
আজি মই কাৰো বাঁহীৰ ৰাগ নুশুনো
নুশুনো কাৰো প্ৰেমালাপৰ কাহিনী ভাগ,
মোৰ কণ কোঁহৰত আজি প্ৰতিধ্বনী হয়
তাইৰ এটা হৃদয় বিদাৰক চিঞৰ…!
সেয়া, ৰৈ ৰৈ শুনো মই তাইৰ কান্দোন…!

কবি :- মৌচুম গগৈ