তুমি যদি এবাৰ কলা হেঁতেন…মোক
এবাৰ যদি আকুৱালী ললা হলে
তোমাৰ বুকুৰ মাজত
সৰু সৰুকৈ যদি কলাহেঁতেন
মই তোমাক ভালপাওঁ
অন্তৰৰ সচা মৰমেৰে, কিন্তু পাব নোৱাৰো
মই সুখী হলো হেঁতেন আজীৱন
আন একোকে দিব নোৱাৰিলেওতো
মই দিব পাৰিলোহেঁতেন
এখন নিকা আকাশৰদৰে
প্ৰেমময় হৃদয়……!!
যত তুমি নিৰ্ভয়ে সাঁছি থব পাৰিলোহেঁতেন অতীত হৈ যোৱা তোমাৰ মোৰ হৃদয়ৰ
গোপন সপোনবোৰ…!
হেৰাই যাব নোৱৰাকৈ কোনোদিনে আঁকি থব পাৰিলোহেঁতেন
হৃদয় তুলিকাৰে……!
তোমাক পাহৰি যাবলৈ মই
বহুদিন যুঁজ কৰিছো, হৃদয়ৰ সৈতে
মোৰ স্মৃতি পাটৰ পৰা
চেষ্টা কৰিছো বহুবাৰ মুচি পেলাবলৈ
তোমাৰ অৱয়ব
কিন্তু যুঁজত প্ৰতিদিনেই পৰাজিত হৈ ৰওঁ
মুচি দিব নোৱাৰো মই স্মৃতিবোৰ
তুমি মোৰ জীৱনলৈ উত্তাপময় উন্মেষ হৈ আহিছিলা
হয়তো কেৱল সেইবাবেই
পাহৰিব পৰা নাই তোমাক
এতিয়াও মোৰ মনত আছে সেই দিনটোৰ কথা
সংগোপনে তুমি আহিছিলা
মোৰ বুকুৰ মাজলৈ
তোমাৰ চকুৰ সজল চাৱনীত
বুকুৰ আকুল মৰমত গোপনে গলিছিল
মোৰ অতীতৰ দিন প্ৰতিদিন
তোমাৰ বুকুৰ মাজত আলফুলে আকুৱালী লৈ
তুমি…! তুমি যেন মোৰ জীৱনটো সলনি কৰি দিছিলা
তেতিয়া মোৰ বুকু নিশাহৰ দৰে নি:শব্দে
কেনেকৈয়ে শান্ত হৈ শুই শুই আছিল
মোৰ মৰম আকুলুৱা স্বচ্ছ হৃদয়খন
তোমাৰ মৰমৰ নীৰৱ সাক্ষী হৈ
মৰমৰ মায়াবী আলোকবোৰ
টুকুৰা টুকুৰ হৈ ছিতিকি পৰিছিল
চাৰিও কাষে……!
ক্ৰমশ: সেয়া আজি অতীতৰ বুকুত
সেই অতীত আৰু ওভতি নাহে কোনোদিনে
এতিয়া মোৰ আপোন বুলিবলৈ কোনো নাই…!
আছে মাথো কেৱল শব্দ আৰু স্মৃতি…!
শব্দৰ মাজতে লুকাই আছো
ডাৱৰৰ আঁৰৰ চন্দ্ৰমা হৈ
শব্দৰ কোলাত শুই আছো
চকুলু মুচি মুচি…!
এতিয়া মই
শব্দৰ শিকলীৰে বান্ধি থৈছো
মোৰ এই ভগ্ন হৃদয়…!
স্মৃতিৰ সৈতে বিনিময় কৰি আছো
কেৱল………
বিষাদ ৰঙী কৰুণ গধুলীবোৰ…।।
কবি :- মৌচুম গগৈ