নিশাৰ বিছনাত মই শুই আছিলো…!
টোপনি যোৱা নাছিলো মই 
নিশাৰ নিৰৱতাই মোক সুধিছিল
তুমি এতিয়াও সাৰে আছা…?
মই দুচকু মুদি থাকি উত্তৰ দিছিলো …!
  -- ওঁ, মই সাৰে আছো…!
নীৰৱতাই মোক পোনৰ সুধিছিল
প্ৰতি নিশা তুমি কিয় সাৰে থাকা…?
মই উত্তৰ দিছিলো  ------
নাযানু, কিয় মই সাৰে থাকো…!
নিশা মোৰ সাৰে থাকি খুউব ভাল লাগে…!
নাযানু কিয় ভাল লাগে…!
হয়তো তোমাকেই লগ পাবলৈ…!
তুমি যে সাৰে থাকা, তুমি যে গভীৰ ভাৱনাত মগ্ন
তুমি ! তুমি যে নীৰবে চকুলু টোকা
এই বিলাক মই অনুভৱ কৰোঁ
কিন্তু,মই বুজি নাপাওঁ
কি বেদনাই তোমাক মুক্ষ কৰিছে…?
নীৰৱতা…, কেনেকৈ কওঁ মই তোমাক ! কিদৰে কওঁ…!
মোৰ ভগ্ন হৃদয়ৰ ৰুশ্ম বেদনা
কিদৰে প্ৰকাশ কৰোঁ
মই যে আজি নি:সংগ অকলশৰীয়া
কিদৰে বুজাওঁ তোমাক…!
মই যে আজি দুৰ্ভগীয়া
কেনেকৈ কওঁ তোমাক…?
পৃথিৱীত, কেৱল মই তোমাকেই ভালপাওঁ
"নীৰৱতা"…! তুমি, তুমি মোৰ আজন্ম লগৰী
কৈ থলো নীৰৱতা……
মই প্ৰতি নিশা তোমাৰেই অপেক্ষাত 
ৰৈ থাকো…, তোমাৰেই……।।

কবি :- মৌচুম গগৈ