জেঠাই ঘৰলৈ বহুত দিন যোৱা নাই।
সেইগতিকে কালি সন্ধিয়াৰ ট্ৰেইন খনতে জেঠাই ঘৰলৈ বুলি ওলালোঁ।
জেঠাই ঘৰৰ পুতেকলৈ ফোন লগালোঁ যদিও চুইটছ অফ দেখালে।
জেঠাই জেঠু লৈ কৰিলটো একেই....।
নেটৱৰ্কৰ বাহিৰত বুলি উত্তৰ আহিল।
জেঠাই ঘৰ অলপ গাঁৱৰ ভিতৰত।
ঘৰৰ আগত থকা বাঁহ গছবোৰৰ কাৰণে কিজানি নেটৱৰ্ক নাপাই।
ষ্টেচনৰ পৰা অট' এখন ভাড়া কৰি নিলোঁ।
ষ্টেচনৰ পৰা জেঠাই ঘৰলৈও আঠ কিঃমিঃ মান হব।
তিনি কিঃমিঃ গৈ য়ে অট' খনৰ ষ্টাৰ্টটো বন্ধ হ'ল।
ড্ৰাইভাৰ জনে চেষ্টা কৰিলে যদিও কামত নাহিল।
শেষত খোজেৰে যোৱাই ভাল ভাবিলোঁ...🤔।
এখোজ দুখোজ কৈ অলপ দূৰ গলোঁ।
ভৰি বৰকৈ বিষোৱাত আৰু নোৱাৰিম ভাবিলোঁ।
মোবাইলত সময়তো চালোঁ ৯ টা বাজি গ'ল।
লোকৰ ঘৰলৈ ইমান ৰাতি গৈ অশান্তি দিয়াতকৈ ৰাতিটো ক'ৰবাত থকাই ভাল ভাবিলোঁ।
তাতে এটোপ দুটোপ কৈ বৰষুণো পৰিল।
ৰাস্তাৰ কাষৰ মানুহ কাকো চিনি নাপাওঁ।
তাতে অচিনাকি ঠাই।
ক'ৰবাত নৰলেও বিপদ।
চাই চিতি মানুহ এঘৰলৈ সোমাই গলোঁ।
মহিলা এগৰাকী আগফালৰ বাৰাণ্ডাত বহি আছে।
মই যোৱা দেখি তেওঁ বহিবলৈ দিলে।
মই মোৰ প্ৰব্লেম খিনি কৈ তেওঁক কলোঁ......
মই - খুৰী,আপুনিও মোক চিনি নাপায় আৰু মইয়ো আপোনাক।
কিন্তু মোৰ কথা খিনি জানি আপুনি গম পাইছেই মই বৰ বিপদত পৰিলোঁ।
আজি ৰাতিটো যদি আপুনি আপোনাৰ ঘৰতে থাকিব দিয়ে বৰ উপকাৰ হব।
আপুনি মোক অন্য কিবা মানুহ বুলি মুঠেই সন্দেহ নকৰিব।
তেওঁ অলপ পৰ কিবা এটা ভাবিলে।
মই - খুৰী,খোৱা বোৱাক লৈ চিন্তা নকৰিব।
ময়ে খায়ে আহিছোঁ।
(ৰাতি খন লোকক কষ্ট দিয়াত কৈ মিছাকৈ কলোঁ)
খুৰী - ঠিক আছে।
তুমি থাকিব পাৰিবা।
কিন্তু এটা কণ্ডিচন আছে....!
মই - কি..?
খুৰী - তোমাক শুবলৈ দিয়া ৰূমত জীয়ৰী ছোৱালী এজনী শুই আছে।
তুমি কিন্তু নাক বজাই বা ফোন বজাই তাইক অশান্তি দিব নোৱাৰিবা।
তাতে ঘৰটোত আৰু ৰূম বুলিবলৈ বেলেগকৈ নাই।
গতিকে মই কি কৈছোঁ বুজিছাই চাগে...?
মই - হব বাৰু।
খুৰী গৰাকীয়ে ভিতৰত গৈ ৰূমটো ঠিক কৰি মেলি দি মোক শোৱাৰ বিছনা খন দেখুৱাই দিলে।
লোকৰ ঘৰ।
লোকৰ ঠাই।
লোকৰ ৰূম।
নিজকে কিবা কিবা যেন লাগিল।
বৰষুণৰ বাবে কাৰেণ্ট নাই।
লেমৰ পোহৰত অলপকৈ দেখিলোঁ কাষৰ বিছনা খনত ছোৱালী এজনী শুই আছে।
লাজো লাগিল।🙈
ক'ত যে ফচিলোঁ।
বৰষুণৰ বাবে বেলেগৰ ঘৰলৈ ও যাব নোৱাৰোঁ আৰু ৰাতি খন কোনে অচিনাকি মানুহক থাকিবলৈ দিব....🙄।
হলেও লাজ মান কাটি কৰি মই শুবলৈ ললোঁ।
খুৰী গৰাকীয়ে কাৰোবাৰ ঘৰত সকাম আছে,তালৈ যাওঁ বুলি কৈ গুচি গ'ল।
ৰূমটো কেৱল ছোৱালী জনী আৰু মই।
তাই গাত পাতলকৈ বগা কাপোৰ এখন লৈ আছে।
সম্ভৱ বৰষুণ হোৱাৰ বাবে..।
সেইটো মুহূৰ্তত কেনেকুৱা গান এটা বাজিব লাগিছিল.....
"তোম অ'ৰ মে,একো কমৰে মে বন্ধ হে....🤪"
পিছে সেইটো নহয়,মোৰ চিন্তা কিহে যে পাইছিল ৰাতি খন আহিবলৈ।
হলেও ছোৱালী জনীৰ লগত চিনাকি হবলৈ প্ৰথমে এনে শুকান কাঁহ দুটামানকে মাৰিলোঁ.....😛।
নাই বেটীয়ে একো নামাতিলে।
অলপ পৰ পিছত নিজেই নিজৰ চিনাকি দি মই কিয় তাইৰ ঘৰত থাকিব লগা হ'ল কাৰণটো কলোঁ;পিছে তাই যি গতিত শুলে শুলেই।
খঙেই উঠিল।
ইমান মৰ টোপনিত শুইছে নে শোৱাৰ এক্টিং কৰিছে....😏।
মোৰনো কি আহে যায় ইমান তল পৰি দিব,সেই গতিকে চকু মুদি দিলোঁ।
ৰাতিটো ভালকৈ টোপনি আহিল।
ৰাতিপুৱাল।
কাষৰ বিছনা খনলৈ চালোঁ ছোৱালী জনী নাই।
ভাবিলোঁ,বোলো ৰাতি মুখে কথা এষাৰ নামাতিলি;ভূত নেকি বে...😡।
বাহিৰলৈ ওলাই গৈ দেখিছোঁ সেই খুৰী গৰাকী লগত আৰু কোনোবা কোনোবা ৰৈ আছে।
খুৰীৰ চকুত চকু পানী।
মই - খুৰী,ৰাতিটো ভাল টোপনি গলোঁ।
ধন্যবাদ দে আপুনি ইমান খিনি সহায় কৰা বাবে।
আপুনি কেতিয়া আহিল মই গমেই নাপাওঁ পিছে।
খুৰী গৰাকীয়ে পুনৰ কান্দিলে।
খুৰী - ধন্যবাদ তুমি নহয়,মই হে দিব লাগে...।
মই - মানে..?
খুৰী - তুমি কালি কাৰ লগত আছিলা জানা নে...?
মই - আপোনাৰ ছোৱালী ৰূমত।
কিন্তু খুৰী আপোনাৰ ছোৱালী জনীয়ে কিছু কথা শিকিবলৈ আছে।
ৰাতি ইমান মাতিলোঁ মুখেই নামাতিলে।😏
খুৰী - তাই মোৰ ছোৱালী নহয়।
আৰু এই ঘৰটোও মোৰ নহয়।
মই - তেন্তে...?
খুৰী - কালি যি জনী ছোৱালী ৰূমত শুলা,তাই মাক বাপেক কোনো নাই।
সমন্ধীয় আইতাক এজনী আছে যদিও বেলেগত থাকে।
তাই অকলে এই ঘৰটো ভাড়া কৰি ওচৰৰ প্ৰাইভেট স্কুল এখনত মাষ্টৰণী কৰি আছিল।
কি বেমাৰ আছিল জানো,কালি তুমি অহাৰ আগে আগে তাই ঢুকাল।
অচিনাকি ছোৱালী বাবে তাই মৰা শ টো ৰখিবলৈ কোনো নাহিল।
মইয়ো অকলে থাকিবলৈ ভয় লাগিল।
ভগৱানে চকু মেলি চালে বাবে তোমাকেই তাইৰ শটো ৰখিবলৈ পঠালে যেন লাগিল।
আজি তুমি শুই থাকোঁতে তাইৰ আইতাক আৰু কোনোবা কোনোবা আহি শ টো লৈ গ'ল।
ধন্যবাদ ভাইটি,তুমি ৰাতিটো শ টো ৰখি দিয়াৰ বাবে।
🙄🙄মোৰ চকু কেইটা ডাঙৰ হৈ গ'ল।
তাৰ মানে "one night spend with a dead body"
তাৰ মানে কালি ৰাতিটো মই এজনী মৰা ছোৱালীৰ সৈতে থাকিলোঁ।😳
আজি কি হৈছে জানো,গাটো কিবা খন লাগিছে।
ছোৱালী জনীৰ আত্মাটো মোৰ গাত..🙄
মৰতী মহিলা গৰাকীয়ে মানে মোক কালি ৰাতি ফচাই হে দিলে....😲

 ✍️লেখা:- প্ৰণব কলিতা