গধূলি মানে আবেলি সময়ত সদায় ওলাই যাওঁ।
পথাৰৰ মাজৰ জানটোৰ ওপৰত থকা পুলটোত লৰাবোৰৰ আড্ডা চলে।
হিচাপ মিলালে গোটেই বোৰৰ ভিতৰত ডাঙৰ ময়ে।🙄
হলেও কিন্তু সদায়ে যাওঁ.....।😬
আজি অলপ দিনৰ পৰা দেখিছোঁ আমি তাত বহি থাকোঁতে ছোৱালী এজনী স্কুটি এখন লৈ পাৰ হৈ যায়।
সদায় টাইম একেটাই।
মোৰ বুঢ়া হোৱা মনটোত "জৱানী দিৱানি ফিৰ ছে লৌট আয়া....🙈।"
সদায় একেই সময়।
তাৰ মানে তাই ক'ৰবাত টিউচন লয়।
মনত ফিলিং আহিল........
"গাঁৱৰে মাজতে তোকে দেখি দেখি,তোৰে প্ৰেমতে পৰি গলোঁ...😍🤪।"
সেইদিনা তাইক দেখি সুহুৰি এটা বজাই দিলোঁ।🤪
তাই একো নকলে।
পিছ দিনাও ফুল জুছত দিলোঁ বজাই.....😛।
তাই আমাৰ ফালে চাই হাঁহি এটা মাৰি থৈ গ'ল।😊
বাপ কচম,যিটো হাঁহি মই জেগাতে ফ্লেট হৈ দিলোঁ হয়,বহুত ভাবি চিন্তি হে ৰৈ থাকিলোঁ।😌
কেছটো সদায় চলি থাকিল।
তাইক সদায় জোকাও যদিও লৰা বোৰ থাকে বাবে তাইকো একো সোধা নাই আৰু তাইয়ো মোক....😒😒।
কপাল ভাল।
কালি বজাৰ কৰোঁ বুলি ওচৰৰ ভাইটি এটাক লৈ তিনি আলিলৈ গলোঁ।
বজাৰ কৰি হোটেলত চাহ একাপ খাওঁ বুলি সোমাওঁতে দেখিলোঁ সেই সদায় লগ পোৱা ছোৱালী জনীও চোন হোটেলতে আছে।
পতকৈ গান এটা হৃদয়ত বাজিলেই.......
"বিদ্যা শপত তোক দেখিলে বুকু মোৰ কঁপে........💓"
আমি দুইটা বহিলোঁ।
মই তাইলৈ চালোঁ।
তাইয়ো মোলৈ চালে।🤪
এপাকত চকুৱে চকুৱে পৰিল....
ফিলিং আকৌ আহিল......
"চকুৱে চকুৱে পৰিলে,মনতে মাৰে বিজুলী....🤓💕।"
ছোৱালী জনী অলপ চাপি অহা যেন লাগিল.....।
অলপ মোৰ লাজো লাগিল।
তাতে লগত ভাইটিটো অলপ থকা বাবে সাহস অকণ বাঢ়িল।
ছোৱালী - হাই....
মই টু(টো) অবাক য়ে...😱।
এই চোন মোক...😳
মই - হেল্ল'।
তাই - মই নূপুৰ প্ৰিয়া।
তোমাক সদায় বাটত দেখোঁ,ভাবিলোঁ আজি এইটো চান্সতে ভালকৈ চিনাকীটোকে হওঁ.....।
ঔ মন মে লাড়ু ফুটা।😬
মই - হয়নেকি....।
মোৰ নাম...........।
তোমাকো সদায় বাটত দেখোঁ ন,মাতিবলৈ হে অলপ....।
তাই - অঃ হয়নেকি...?
পিছে সদায় যে সুহুৰি বজোৱা লৰাটো তুমি য়ে নহয় জানো..!
মই কিবা কবলৈ লওঁতে লগত যোৱা ভাইটি টোৱে মাত লগালে....
ভাইটি - দাদা,বল না।
বহুত দেৰি হ'ল....।
মই তালৈ টেলেকাকৈ চালোঁ।
চাল্লা,কিমান এটা সুন্দৰ পৰিৱেশ,ই বেটা ঘৰলৈ যায়।😡
মই - উম হয় হয় ময়ে।
তাই - অঃ হয়নেকি..!
মই - উম,পিছে তুমি চাগে পঢ়ি আছা ন....!
সদায় আমাৰ ফালে যোৱা দেখি টিউচন লবলৈ গৈছা বুলি গম পাইছোঁ।
তাই খপজপত অঃ বুলি কলে।
ভাইটি টোৱে মাতি থকাত মই খঙতে কলোঁ......
"যা,অলপ বাহিৰত ৰ।
মই গৈ আছোঁ।"😡
সি লাজ পাই ওলাই গ'ল।
মই অলপ লাইনত আহক বুলি বম এটা ফুটাই দিলোঁ.....
মই - মানে তোমাক যে সদায় জোকাৰো,ভাল লাগে বাবে হে দেই।
ইভাগে ছোৱালী জোকোৱা ৰেকৰ্ড নাই জানা।😛
তাই - অঃ হয়নেকি....?
কথা বেলেগ চোন।
পিছে তোমাৰ ঘৰ.....?
মই তাইক মোৰ ঘৰৰ লগতে মা-দেউতাৰ পৰা আদি কৰি সকলো ঠিকনা দিলোঁ।
তাই কাগজ এখনত সকলো লিখি গ'ল।
তেনেকুৱাতে ভাইটি আহি আকৌ কলে.....
"দাদা,ঘৰৰ পৰা ফোন কৰিছে।
যাওঁ ব'ল।"
তাক ধমকি এটা দিলোঁ।
"শিষ্টাচাৰ নাজান।
দেখা নাই ডাঙৰে কথা পাতি আছোঁ।
তই দুই মিনিট ৰহ,মই গৈ আছোঁ।"
ছোৱালী জনীয়ে হাঁহিলে।
মই - ৱাহ,নাম ঠিকনা একেবাৰে লিখি ললা যে কেছটো কি...?
তাই - ই মই যিকোনো কথা সোনকালে পাহৰোঁ জানা।
সেইবাবে.....।
তাতে তোমাৰ লগত চিনাকি হলো যেতিয়া দৰকাৰ হব য়ে।
দিল খুচ হলেই।😛
তাই - could i hv ur phn nmbr.....?
মই - oh,sure.......🤓
তাইক নম্বৰটো দিলোঁ।
মই ফোন নিয়া নাই কোৱাত তাই ফোন কৰিম কলে।😌
মানে মোৰ ফালে মিলিল আৰু....😍।
যি টি ভাল বেয়া খবৰ লোৱা পিছত তাই ডিঙিত ওলমি থকা কেমেৰাটোত কিবা চালে।
শেষত কলে.....
তাই - ঐ শুনা,বেয়া নোপোৱা যদি মই তোমাৰ ফটো এখন লব পাৰোঁ নে...?
মনত কিমান যে ফুৰ্তি লাগিল বে...😬😬।
মোৰ ফটো কাৰোবাৰ মোবাইলৰ ৱালপেপাৰ হব..🙈।
ৱাহ....🥰।
মই - উম sure,মাৰা বাৰু।
তাই - মোক দৰকাৰ হব দিয়া চোন।
আৰু দুকপি লৈ লওঁ হা।🥰
মইয়ো ভালেই পালোঁ।🤪
তাই যাবলৈ ওলাল।
মই - চিনাকীটো হলোঁ যেতিয়া কথা বতৰা চলি থাকিব নে কি কোৱা..?
তাই - উম হয় আকৌ,সেইবাবেই মই তোমাৰ ডিটেইলছ লৈ লৈছোঁ।
মই - ঠাণ্ডা খাবা...?
তাই - তোমাক নো না কেনেকৈ কওঁ।
মন আছে যদি কিনা।
তাইক ডাঙৰ মাজা বটল এটা কিনি দি পঠিয়ালোঁ।😌
তেল টো প্ৰথম পৰাই নিদিলে কামত নাহে যে...🤭।
তাই গ'ল গৈ।
ভাইটি টো ৰৈ আছে।
মই - তই বৰ জহনী।
মিছা কথা বোৰ কোৱাত কৈ মই ছোৱালী জনীৰ লগত কথা পতা বাবে তই জ্বলিছোঁ নকলি কিয়...?
সি - একো জ্বলা নাই।
মই তোক বচাবলৈ হে গৈছিলোঁ।
মই - মানে...?
সি - তই চকু মুদি আছিলি নি..?
দেখা নাই সেইজনী বিয়া হোৱা।
সৰুকৈ ফোঁট লোৱা বাবে তই নেদেখিলি চাগে..?
তাতে সেইজনী কাৰ ৱাইফ জান...?
ঔ মানে....🙄😳😳😳😱।
মোক এইজনীয়ে.....
মই - কাৰ পত্নী...?
ভাইটি - আমাৰ থানালৈ যে নতুনকৈ অ' চি ছাৰ এজন আহিছে তেওঁৰ।
ছাৰৰ বয়স ও বেছি হোৱা নাই।
তাতে মেইন কথা ছাৰৰ মানুহ গৰাকী ৰিপৰ্টাৰ হয়।
মই ........ চেনেলত তেওঁ নিউজত ওলোৱা দেখোঁ নহয়....।
সেইগতিকে হে তোক যি তি কথা নাপাতিবলৈ......!
নাপাতিবলৈ মানে,মই সমস্ত এড্ৰেচ কি ফটো লৈকে দিলোঁ।
এতিয়া হে ভাবিছোঁ মৰতীয়ে মানে মোৰ ফটো নিউজত...😲 আৰু মোৰ নম্বৰ থানাত....😲।
মই চাল্লা চিম খনকে ভাঙি পেলালোঁ।
কালি নিউজত ওলোৱা নাই।
আজি যদি ওলাও মই আৰু শেষ......।🤦🏻‍♂

লেখা:- প্ৰনব কলিতা