ভাইটি এটাৰ লগত ঘৰলৈ আহি আছোঁ।
বাটতে ইমান ভোক লাগিল যে কিবা এটা নাখালে পেটৰ ভোকতে মৰিম।
কপাল ভাল বাটতে ধাবা এখন দেখিলোঁ।
দেখিয়ে তালৈ সোমাই গলোঁ।
মোৰ হাতত থকা টকা ৫০ টা আৰু ভাইটি হাতত থকা টকা কেইটাই ভাতৰ দাম দিবলৈ যেনেতেনে আতিল।
ইফালে কুকুৰাৰ মাংস খাবলৈ ভাইটি ওচৰত টকা বেছি নথকাৰ বাবে ফুল প্লেটৰ ঠাইত হাফ য়ে কামটো চলাই দিলোঁ।
ধাবাত কাম কৰা লৰা জনে ভাত-দাইল-ভাজি(চবজি) সজাই আনি সন্মুখত দিলে।
মই চিধা চকু মাংস দিয়া বাটিটোলৈ নিলোঁ।😛
মাংস দিছে দুপিছ।
এপিছ ডাঙৰ,এপিছ সৰু...😡।
ভাইটিটোৱে লোৱা আগতে মই ডাঙৰ পিছ লৈ আনি মুখৰ ভিতৰত ভৰাই দিলোঁ।😬
ভাইটিটোৱে মোলৈ চাই কলে.....
ভাইটি - দাদা,তই ভাত খাওঁতে অলপ ধৈৰ্য ধৰিব চোন।
আৰু কি জান,ভাত খোৱা টেবুলত সদায় ঠাণ্ডা,নম্ৰতাৰে বহিবলৈ শিকিব লাগে...।
এতিয়া নিজকে চা চোন,লৰাটোৱে হেৰী দিয়াৰ পিছতে তই খাবলৈ নোপোৱাৰ দৰে কেনেকুৱা কাম বোৰ কৰিছ......!🙄
মই - অঃ হয়নেকি।
পিছে তই ক চোন......;যদি প্ৰথমে তই কুকুৰা মাংস টুকুৰা উঠাবলৈ চান্স পালি হয় তেতিয়া কোন পিচ(টুকুৰা) উঠালি হয়....!🙄
ভাইটি - মই ইমান লুভীয়া নহয়।
মই বিনম্ৰ ভাবে সেই সৰু টুকুৰাই উঠালোঁ হয়...।
মই ৰৈ নাথাকিলোঁ।
চিধাই বেটাৰ গালত চৰ এটা সোধায় দিলোঁ....।😬
মই - গৰু,তই যদি সৰু টুকুৰাই উঠালি হয় তেন্তে এতিয়াও চোন বাটিত তোলৈ সেই সৰু টুকুৰাই থৈ দিয়া আছে।
গতিকে কি কাৰণে ইমান ডাঙৰ ডাঙৰ লেক্সাৰ মাৰি আছ।
চুপ-চাপ খা আৰু উঠ।😡
ভাইটি য়ে বেয়াই পালে হবলা।😬
কি আকৌ ন,মইনো কি মিছা কলোঁ।
বেটাৰ বিলটো দিওঁতে গা পুৰি যোৱা গোন্ধ এটা পাইছিলোঁ।🤪
লেখা:- প্ৰনব কলিতা

0 Comments