কাৰাগাৰ 💔
কি পালে সি , এয়াই সিহঁতৰ প্ৰেমৰ পৰিণতি ! তাই কি পালে এনেকুৱা কৰি ? সিহঁতৰ ঘৰখনেই পালে বা কি ?
চাৰি বছৰ ভালপোৱা পৰিণাম পালে ভালকৈয়ে , তাই তেতিয়া নাইনত পঢ়ি আছিল সি সদায় কলেজৰ পৰা এটা ক্লাছ নকৰাকৈ গুছি আহি তাইৰ বাবে ৰৈ আছিল বৰুৱা দোকানৰ সন্মুখত , চিঠিৰ যোগেদি এ প্ৰেমৰ আৰম্ভণি হৈছিল , এনেকৈ গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল ,
তাইও কলেজ পালে চিঠিৰ ম্যাদ উকলি ম’বাইলৰ দিন আহিল, সিহঁতৰ ভালপোৱাবোৰেও কলিৰ পৰা ফুলৰ ৰূপ ল’লে , মান- অভিমান , মৰম আদিৰে চাৰিটা বছৰ পাৰহৈ কেনেকৈ গ’ল ধৰিবকে নোৱাৰিলে,
তাইও ডিগ্ৰীৰ বাবে সেইখন কলেজতে নামভৰ্তি কৰিলে, সি তেতিয়া M.A কৰি আছে। চিনিয়ৰ হিচাপে সকলোৱে সমীহ কৰে তাক , আচৰণৰ বাবেই সকলোৱে ভাল পায় , তাৰ চিনাকি বুলিয়ে সকলোৱে তাইকো মৰমেৰে আকোঁৱালি ল’লে ৷
সিহঁতৰ এইবাৰ আৰু ভাল হ’ল , আৱেলি একেলগে কেন্টীনত চাহ খায়, লাইব্ৰেৰীৰ বহি কিতাপ পঢ়াৰ চলেৰে মনৰ কথা পাতে, কমন ৰুমত আদ্দা মাৰে, কিবা উৎসৱ থাকিলেতো কথাই নাই আনন্দত উৰি ফুৰে সিহঁতে ৷
প্ৰেমৰ মোহত ডুব গৈ থকাতে এদিন সাধাৰণ অথাৎ সেই পাহৰিব নোৱাৰ কথাতো হ’ল , তাইৰ ক্লাছ আহি পাওঁতে দেৰি হ’ল সেই দেখি লাইব্ৰেৰীতে বহিল, সিওঁ তাইৰ মেচেজতো পায় তালৈকে গ’ল , কথাত কথা লাগি ফুৰিবলৈ যোৱাৰ প্লানিং কৰিলে , কলেজৰ পৰা উলাই দুয়োটা নদী পাৰ (বনভোজ স্থলী) পালেগৈ তাত কথা পাতি ফটো মাৰি আহোতে অলপ পলম হ’ল সিহঁতৰ , তাইক সি সিহঁতৰ ঘৰৰ আগৰ তিনিআলিতে বাইকেৰে নমাই থৈ গ’ল ,
ইফালে তাইৰ লগৰজনীয়ে তাইক কলেজত নাপায় ঘৰত সুমালে কিন্ত ঘৰতো নাই, ঘৰৰ মানুহেও কলেজ যোৱা বুলিয়ে জানে ভনীয়েকও তাইক ই নমাই যোৱাৰ কথা ক’লে ৷ ইনেও সিহঁতৰ সম্পৰ্কতো মানি লোৱা বিধৰ নহয়ে মাক - দেউতাক ,তাইক বহুত মাৰিলে বাপেকে , মাকেও গালি পাৰিলে ৷
তাই খঙত আৰু দুখত ধৈৰ্য্য হেৰুৱাই তাক লৈ যাবলৈ ক’লে পলোৱাই, সি প্ৰথমে তাইক বুজাইছিল কিন্তু তাই অবুজন ভালপোৱাক লৈ সন্দেহ কৰা দেখি ৰাতি লৈ গ’ল পলোৱাই ৷ ঘৰত সুমোৱালেগে ৷ ঘৰত তাক কওঁতা নাই , মাক ভনীয়েক আৰু ভায়েক গতিকে সিয়েই ৰজা, সিয়ে পঢ়াৰ উপৰিও খেতি কৰি ;টিউচন কৰি ঘৰ চলাই, বাকী উপাৰ্জনৰ পথ নাই , কিবা এটা কৰি ঘৰখন টনকিয়াল কৰাৰ দায়িত্ব আছিল কিন্তু আজি যেন সি নিৰুপাই ,
পিছদিনা ৰাতিপুৱাই লগৰতোৰ ফোনত তাৰ ভয়তে হাত ভৰি লুকালে, 'সিহঁতৰ ঘৰৰ মানুহে কেচ দিছে তই তাইক লৈ কৰবাত থাক গৈ দুদিন মান ,' কি কৰে এতিয়া সি , আশা এটা আছিল তাইক অনাৰ পাছত সকলো থিক হ’ব ৷সিহঁতৰ ঘৰখনেও মানি ল’ব কিন্তু সকলো আশা শেষ, কলৈ যায় এতিয়া, বিশেষ সম্পকীয়ও নাই , মমায়েক হতৰ গাওঁ একেখনেই, মাহীয়েক এজনী আছে অলপ আতৰত কিন্তু একেই জিলা , শেষত মাকেও বুজাই সিহঁতক মাহীয়েকৰ ঘৰলৈকে পঠিয়ালে,
মাহীয়েকেও সিহঁতক মৰমতে ৰাখিলে, সিহঁতক বিয়া হিচাবত পাতি দিলে, তাইৰ শিৰত সেন্দূৰ কণ দি জীৱনতো লগত থকাৰ প্ৰতিশ্ৰুতি দিলে সি , দুদিন সুন্দৰকৈ গ’ল ,পৰিবেশতোও ঠাণ্ডা হৈছে যেন অনুমান হ’ল ,তথাপি সিহঁতৰ ফোনতো অফ ৰাখিলে , খঙতে নিশ্চয় কেচ দিলে থিক হ’ব লাহে লাহে ৷ কিন্তু সন্ধিয়া এক গাড়ী পুলিচ আৰু তাইৰ বাপেক আহি মাহীয়েকৰ ঘৰ পালেহি , তাক গাড়ী উঠাই ল’লে দুটা পুলিছে গতিয়াই গতিয়াই, তাইক বাপেকৰ বাইকত বহুৱাই লৈ গ’ল থানালৈ ৷
তাই কান্দিছিল তাক এৰিব নোৱাৰো , মোকো তাৰ লগত লৈ যাওঁক বুলি , মাহীয়েও বহুত কাকতি মিনতি কৰিছিল কিন্তু পুলিচে নেৰিলে আনকি বাপেও একো নকলে মাত্ৰ সেই ৰঙা চকুৰ চাৱনিতোৰ বাদে ৷
থানাত নি লকাপত ভৰালে তাক আৰু তাইৰ চহী এটা লৈ বাপেকৰ লগত পঠিয়াই দিলে , ৰাতিতো তাক কোৱাইচে পুলিচে , এটাই যদি কৈছে ছোৱালী চোৰ আনতোৱে আকৌ ছোৱালী বেপাৰি বুলি মাৰিছে , বাৰে বাৰে তাইক বিয়া কৰাইছে বুলি কোৱাতো কিয় কিত্নেপ কৰিছিলি বুলি বাৰে বাৰে মৰিয়াইছে ,
পাছদিনা তাইক লৈ মাক বাপেক আহিল , তাইক দেখি তাৰ মুৰ ঘোৰাই গ’ল , দুদিন আগত তাৰ নামত দিয়া সেন্দূৰকণ নাই, জিনছ পিন্ধি আহিছে, তাই তালৈ চাব পৰা নাই কান্দি আছে ,তাইক চহী এটা কৰাই আকৌ লৈ গল বাহিৰলৈ মাকে,
বাপেকৰ হৈতে কি পাতিলে নাজানে পুলিচৰ অফিচাৰতোৱে ৷ সেইদিনা তাক নামাৰিলে ৰাতিও তাক কোনেও একো সুধা নাই ,
পাছদিনা মাক আৰু ভায়েক ৰাতিপুৱাই ওলাইছে হি তাক চাবলৈ , চাহ বিস্কুট আনিছে, তাক বাহিৰলৈ আনি কথা পতালে , মাকে একো ক’ব পৰা নাই তই একো চিন্তা নকৰিবি বুলি কৈ কান্দিছে , তাক এৰি দিবলৈ কৈছে , কিন্তু পুলিচজনে ক’লে “এতিয়া আৰু আমাৰ হাতত একো নাই ,ক’ৰ্টলে যাব কেচ, এইকেইদিন জেললৈ যাব,অদাৰ আহিলেই ৷ আমি মেডিকেল কৰাই লৈ যাম , বাকী তাতে এইবোৰ কৰিব ৷”
এই দুদিন তাক ভাত , চাহ খাবলৈ দিছে কিন্তু সি একোকে খাব পৰা নাই , কি হৈছে ক’ত আছে একো ক’ব পৰা নাই সি , মাকে অনা চাহ আৰু বেদতো জোৰ কৰি খাবলৈ দিয়াত অলপ খালে ৷
তাৰ পাছত দুইমাহ জেলত , কৰ্টৰ তাৰিখৰ দিনা পুলিচেই লৈ যায় আনি আকৌ জেলত, উখ দেৱালৰ মাজত দিন ৰাতি সুমাই থাকিব লাগে, গধুলিৰ আন্ধাৰ হ’বলৈ নাপাওঁতেই আকৌ বন্দীৰ মাজতো ৰুমত সোমোৱাই তলা মাৰি থয় ৪০- ৫০ টাকৈ একেটা ৰুমত, ভাত খাবলৈ লাইন , গা ধুৱলৈ লাইন আনকি হাগিবলৈও ২০- ৩০ মিনিট লাইন পাতিব লাগে ৷ খোৱা বোৱাৰ টাইম দুটা দিনত এবাৰ আৰু সন্ধিয়া এবাৰ , বাকীখিনিতো ক’বই নালাগে মানুহৰ শাৰীত নথয়ে জেলত ,, শাৰীৰিক অত্যাচাৰ নহয় কিন্তু মানসিক পৰিস্থিতিতো ভাৱিব নোৱাৰা ,
তিনিমাৰ পাছত কৰ্টত ছোৱালীৰ স্তেতমেন “ মই তাক চিনি নাপায়, মোক কলেজৰ পৰা আহি থাকোতে যোৰকৈ ধৰি লৈ গৈছিল” চাল্লা তাৰ চকুৱে একো নেদেখা হৈছিল, মাত মাতিব নোৱাৰকৈ ডিঙিতো শুকাই গৈছিল তেতিয়া, ইমানো মিছা কথা কেনেকৈ ক’ব পাৰে তাই, তাই অৱশ্যে কৈ থকা নাছিল , পুলিচ এটাই হে পঢ়ি দিছিল কাগজ এখন , তাৰ পাছত তাই আহি মুৰ জোকাৰিছিল , কিয় ক’লে তেনেকৈ, মাক দেউতাৰ দমৰ আগত তাৰ জীৱনৰ মূল্য একেবাই নাই মানে সি বুজিলে , তাৰ বোলে কিন্টেপিং, ৰেপ আদি দন্দবিধি ত জেইল দিয়া হ’ল পাছবছৰ ৷
মাক আহিছিল লগ কৰি গ’ল সিদিনা তাক, হাইকৰ্ট কৰিম কৈছিল মাটি অলপ বেছি, সি নালাগে ক’লে , কি মুখেৰে ক’ব তাৰ লগত আৰু লাগিবলৈ, ভায়েকে তাৰ আশাতে বিজ্ঞান শাখাত এদমিচন লৈছিল , এতিয়া সি কেনেকৈ পঢ়িব, মাকে কি কৰি ঘৰখন চলাব ৷ বেছি কথা পাতিব নোৱাৰিলে সি, চকু পানী বৈ গ’ল, 😭😭
তাৰ ৰাতিপুৱাই পেপাৰখন পঢ়ি মুৰ ঘোৰাই গ’ল , তাই আৰু নাই ; চুইচাইড কৰিলে, ফটো সহ দেখিলে, কান্দিব মন গৈছিল চিঞৰী ;কোনে শুনিব ,? চবেই দুখত আছে, চ’বৰে দুখ আছে ,সেই দেৱালৰ মাজত কোনো সুখি নহয়, বাতৰিটোত চুইচাইড নুট্ তোও লিখি দিছে ----
“ তই ক্ষমা কৰিবি , মই তোৰ ধুনীয়া জীৱনতো শেষ কৰি দিলো, মোৰ ইচ্ছা নহয় তোক জেইল খোওৱা, মোক বাধ্য কৰাই এইবোৰ কৰালে , মই তোৰ অবিহনে থাকিব নহৱাৰো , তই শুনকালে উলাই আহিবি মোক লৈ যাবি তাৰে আশা কৰিছিলো, কিন্তু যেতিয়া শুনিলো তোৰ জেইল হ’ল মোৰ আশাবোৰ ভাগি শেষ হ’ল, তোৰ বাবে ৰৈ থাকিম ওপৰতে লগ হ’ব পুনৰ , মাকো ক্ষমা খোজা বুলি ক’বি , মোৰ মায়ে ১৯ বছৰে মোক বুজি নাপালে তোমাৰ মায়ে একেদিনাই ইমান মৰম কৰিলে তাৰ ফল মই এয়া দিলো, নিজকে থুৱাইছো মই , মাফ কৰিবি Love you, miss you ” 😭😭
জীয়াই থাকিবলৈ ইচ্ছা তাৰো নাই , কিন্তু ভানীয়ে মাক আৰু তাৰ আশাতে science ত নাম লগোৱা ভায়েকৰ কি হ’ব , নাই সি কিবা এটা কৰিবগৈ লাগিব পাছবছৰৰ পাছতে হয়তো,
“ ঐ তাচ খেলো আহ ., কি ক’ৰ দিনতো অকলে চুকত বহি বহি , পাগল হৈ যাব এনেকে আহ ”
দেখিবলৈ ধুনীয়া ল’ৰাতো তাতকৈ বেছি ডাঙৰ নহব হয়তো , আনন্দ নামতো, ছোৱালী কেচতে সুমাইছিলে এবছৰমান হ’ল হেনু তাৰ ৷
“ মই নাজানো, নেখেলো এইবোৰ মন নাই ”
“ শিকাই দিম আহ , জীৱনতোৱেই বেয়াকৈ খেলি পেলালো আমি তাচ নো কি আহ ৷”
আনন্দ নামতোৰ অৰ্থ সেয়াই জানো , কাৰাগাৰৰ দেৱালৰ মাজত দিনৰ পাছত দিন কটোৱা? জীৱনতো বহুত কঠিন অ 😰
লেখা:- ইশান চাংমাই ৷

0 Comments