#অস্তিত্ব

    মূৰটো বিষাই তাইৰ অসহ্যকৈ। পৰি ৰয় কোঠাটোৰ এচুকত ।  অসহ্য বিষটোৱে মুৰৰ পৰা বুকুলৈকে শিপায়।  বিষবোৰ চকুপানী হৈ নিগৰে দুচকুৰে। তাই বাধা নিদিয়ে। পাৰভাঙি ববলৈ দিয়ে লুণীয়া নৈখন। এই নৈ খনে তাইক সকাহ দিয়ে।  কিছু পৰিমাণে হলেও বুকুৰ বিষটো কমাই এই নৈখনে। মূৰৰ বিষটো কিন্ত্ত একেই থাকে ।
তাই আশা কৰে কোনোবাই তাইৰ অকণমান যত্ন লওঁক । যেনেকৈ তাই লয়  মানুহজনৰ , ল'ৰা ছোৱালীহালৰ , আৰু ঘৰৰ সকলোৰে। মানুহজনে প্ৰায়েই কয়_  'হেৰা, মুৰটো অলপ পিটিকি দিয়াচোন । আৰু ডাঠকৈ গাখীৰ দি চাহ একাপকে অানা ।' তাই হেজাৰ ভাগৰৰ মাজতো চাহকাপ হাতত তুলি দিয়ে। মুৰটো পিটিকি দিয়ে। কেতিয়াবা যদি অলপ পলম হয় মানুহটোৱে গৰজি উঠে _ 'কিনো কৰি থাকাহে , চাহকাপ আনোতেই ইমান পলম । '   তাই একো নামাতে ।  আনকি নিজৰ পেটৰ পোৱালীহালেও তাইৰ খবৰ এটা লবলৈ সময় নাথাকে। সিহঁত ব্যস্ত থাকে সিহঁতৰ পৃথিৱীত। তাত হয়তো তাইৰ বাবে কোনো ঠাই নাথাকে।   সকলো পাহৰি আকৌ ৰাতিৰ সাজ যতনাই হেঁপাহেৰে। অথচ কামৰ আলেঙে আলেঙে  মনটোৱে এধানি মৰম বিচাৰি হাহাকাৰ কৰে। এনেকৈয়ে তাইৰ আশাটো কেতিয়াও পূৰণ হোৱাৰ অবকাশ নাথাকে। তাই মুৰৰ বিষে , মনৰ বিষে একাকাৰ হৈ পৰি থাকে সকলোৰে অলক্ষিতে।
সকলোৰে জাঁজ মাৰি নিজৰ বাবে সময় নথকা অথচ   ঘৰখনৰ অন্য মানুহবোৰৰ মতে ঘৰখনত  এনেই থকা মানুহজনী  অযত্ন অৱহেলাত দিনক দিনে পৰি আহে। দেহৰ দুখতকৈও মনৰ দুখেহে  মানুহজনীক ভিতৰৰ পৰা মাৰি আনে ।
হঠাত্ মানুহজনী এদিন ঢলি পৰে । ঘৰখনৰ মানুহবোৰৰ আলৈ আথানি বাঢ়ে।  মানুহজনী কিন্ত্ত পুনৰ ঘুৰি নাহে । সকলোৱে হিয়া ভুকুৱাই কান্দে।  ল'ৰা ছোৱালীহালে 'মা' 'মা' কৈ হাবাথুৰি খাই ফুৰে। মানুহজনেও ইটো সিটো বিচাৰি হায়ৰাণ হয়।  তাই দেখি থাকে । ফটোত আৱদ্ধ মানুহজনী হুমুনিয়াহ কাঢ়ে ; হওঁক তেও ঘৰখনে তাইৰ অভাৱ অনুভৱ কৰিছে।

*****

লেখা:- ছন্দাৰাণী কাকতি


Click Here and see Beautiful Sms, Quotes, images