মা অ' বহুত মনত পৰিছে  আজি জানা?
 সেই তাহানিৰ শৈশৱৰ দিনবোৰলৈ ।
যেতিয়া তই মোৰ  মেঘালী চুলিকোচা  আচুৰি  ফণিয়াই দুফালে দূবেনো গাঁথি কপালত চুমা এটি আকি স্কুললৈ পঠাইছিলি আৰু সন্ধিয়া হ'লে যে মোক পঢ়া টেবুলত নেদেখি মোক মাৰিছিলি।
 পিছ ক্ষণতেই যে আকৌ  মোক  তোৰ দূবাহুৰ মাজত আলফুলেৰে সাৱতি মৰম যাচিছিলি ।  সেই মৰমবোৰ বৰকৈ অনুভৱ হয় অ মা এতিয়া।
তোৰ গালিবোৰতো যে মোৰ বাবে থকা অজুত মৰম বিচাৰি পাও মই।
কৰবাৰ পৰা ভাগৰি আহিলে
প্ৰথমে যে তোৰ কোলাতে মূৰ গুজি  আশ্ৰয় লৈছিলোঁ  ।চোতালত  ধাৰি পাৰি ৰাতিৰ আকাশখনলৈ  চাই তোৰ কোলাত শুই   টোপনি গৈছিলো ।
আৰু মাজে মাজেটো মোৰ টোপনি নাহিলে তই  তোৰ টোপনি ক্ষতি কৰি 
 মোক টোপনি আহিবৰ বাবে যে  নানান সাধু কথা  নিচকণি গীত গায় গোটেই ৰাতি উজাগৰে কটাইচিলি ।
মই অভিমান কৰি ভাত নুখুৱাকৈ  শুই থাকিলে যে  দেউতা" অ, তই মোক
 মোক বিচনাৰ পৰা টেবুললৈ বুলি  কোলাত তুলি  দাঙি নি নিজ হাতেৰে মোক ভাত খুৱাই দিছিলি 
দেউতা অ তোৰ সেই মৰমবোৰ বৰকৈ অনুভৱ হয় ঔ    ।
সেই দিনবোৰলৈ বৰকৈ মনত পৰে  অ  এতিয়া।
উভতিব মন যায় আকৌ সেই  তাহানিৰ মধুলগন দিনবোৰলৈ উভতিবলৈ ......
বিয়া দি মোক তহঁতৰ মৰম ভাগৰ পৰা  বঞ্চিত কিয়নো কৰিলি অ  ।
ইয়াত সকলোৰে পৰা অজুত মৰম ভালপোৱা পাইও আজি মই নিজকে অকলশৰীয়া অনুভৱ কৰো।
কাৰণ সকলোবোৰ থকাৰ পিছতো যে    তহঁতবোৰে মোৰ লগত নাই যাৰ লগত মই  মোৰ জীৱন আধা বেলিকা পাৰ কৰিলো । 
মোৰ হৃদয়ৰ নিভাজ কোণত তোমালোক আজিও জিলিকি আছ অ মা দেউতা
যদিও বা তোমালোক মোৰ পৰা আজি  বহু নিলগত    আছা তথাপিও কিন্তু  মোৰ হৃদয়ত সদায়ে আছা আৰু মোৰ মৃত্যু পৰ্যন্ত থাকিবা ।
তোমালোকৰ প্ৰতি মোৰ হৃদয়ত মৰম ভালপোৱা  কেতিয়াও কোনোদিনে কমিব দিয়া নাই আৰু আজীৱন নিদিও ।
তোমালোকৰ স্থান মোৰ হৃদয়ত কোনেও ল'ব নোৱাৰে।
কোনেও চুব নোৱাৰা হৃদয়ৰ এটি নিভাজ কোণত তোমালোক জিলিকি আছা আৰু সদায়ে ৰবা ।

লেখা:-✍️ ভাগ্যশ্ৰী কাশ্যপ