এটি সঁচা আৰু জীৱন্ত কাহিনীৰ আলমত ৷(এনেকুৱা যাতে কোনো ছোৱালীৰ ক্ষেত্ৰতে নহওঁক)

প্ৰেম হৈছে এক মিঠা অনুভৱ,প্ৰেমে প্ৰত্যেকৰে জীৱনলৈ কঢ়িয়াই আনে আশাৰে পৰিপূৰ্ণ  এটি নিজৰা ৷প্ৰকৃতাৰ্থত প্ৰত্যেক ব্যক্তিৰে হৃদয়ত এজন বিশেষতকৈ বিশেষ মানুহৰ উপস্থিতি থাকে,যিয়ে জীয়াই থকাৰ প্ৰেৰণা দিয়ে ৷প্ৰেম হয়তো এনেকুৱাই, যি অনুভূতিয়ে প্ৰতিপল হৃদয় জুৰাই ৷য’ত থাকে সীমাহীন স্বপ্নৰ মায়াময় সুবাস ৷

ঠিক সেইদৰে জীৱনটো সুখী কৰাৰ আপাহতে নিৰুপমাইও প্ৰেম নামৰ এই স্বৰ্গীয় অনুভূতিত নিজকে বিলীন কৰি দিছিল৷মানুহৰ হৃদয়ত প্ৰেমৰ অনুভূতি প্ৰতিটো ক্ষণ থাকে কিন্তু সেই প্ৰেম কেতিয়া কাৰ প্ৰতি জাগ্ৰত হয় সেইয়া  হয়তো কোনেও নাজানে ৷কোৱা হয় যে প্ৰেমে কেতিয়াও নামানে বাধা ,প্ৰেমে মাথোঁ বুজি পায় আকুল হৃদয়ৰ আহ্বান।

নিৰুপমাৰো ঠিক তেনেকুৱাই হৈছিল,তাই তাৰ এজন ভায়েকৰ যোগেদি এজন ল’ৰাৰ সৈতে চিনাকি হৈছিল ৷ল’ৰাজনৰ ঘৰ শিৱসাগৰৰ থাওৰাদ’লত ৷তাইৰ ঘৰৰ পৰা অলপ আঁতৰলৈ ৷তাই তেতিয়া BA 3rd semester ত পঢ়ি আছিল আৰু ল’ৰাজনে ITI কৰি আছিল ।
লাহে লাহে সিহঁতি নিয়মীয়াকৈ কথা পতাৰ আৰম্ভ কৰিছিল আৰু প্ৰায় দুই তিনিমাহ বন্ধুত্ব কৰাৰ পাছৰ পৰা ল’ৰাজনৰ প্ৰতি দিনকদিনে তাইৰ আকৰ্ষণ বাঢ়ি গৈছিল। তাই যেন তাৰ সৈতে কথা পাতিবৰ বাবে প্ৰতিটো ক্ষণ ব্যাকুল হৈ থাকে ৷এনেদৰেই এদিন আকস্মিকভাৱে আৰু প্ৰত্যাশিতভাৱে ল’ৰাজনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহিছিল ।মনটো ভাল লাগিছিল যদিও তাইৰ মনৰ ক’ৰবাত এক শংকা আছিল কাৰণ তাইৰ আৰু ল’ৰাজনৰ ঘৰৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য ।তথাপি তাঁহাতৰ সম্পৰ্কটো এনেদৰেই বহুত ভালকৈ চলি যাব ধৰিলে ৷দীপকে নিৰুপমাৰ প্ৰতিটো কথা বুজি পায় ৷

সময় গতিশীল। লাহে লাহে মধুৰ সদয়বোৰ  স্মৃতি হ’বলৈ ধৰাৰ মাজতে এদিন তাঁহাতি খুব হেঁপাহেৰে লগো কৰিলে ৷সেই দিনটো তাইৰ জীৱনৰ পাহৰিব নোৱাৰা এটা সুখ আৰু আৱেগৰ দিন ৷ভালপোৱাবোৰ এনেদৰে গভীৰ হৈ গৈ থাকিল ৷মাজে মাজে তাঁহাতি লগ ধৰে।এনেদৰে দুটা বছৰ সম্পূৰ্ণ হ’ল ৷সিহঁতি যেন ইজনে আনজনৰ উশাহটো নুশুনিলে জীয়াই থাকিব নোৱাৰিব তেনে অনুভৱ হ’বলৈ ৷যিটো সাধাৰণতে প্ৰত্যেক প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতে হয় ৷
লাহে লাহে তাঁহাতৰ সম্পৰ্কতো দুয়োখন ঘৰে গ’ম পালে ৷প্ৰথম অৱস্থাত কোনো ধৰণৰ আপত্তি কৰা নাছিল। এদিন হঠাৎ নিৰুক তাঁহাতৰ ঘৰলৈ লগ ধৰিলে ৷কৰ্মসূত্ৰে দীপক গুজৰাটলৈ যাবলগীয়া হোৱাত তাইও তাঁহাতৰ ঘৰলৈ গ’ল৷ তাৰ মাক আৰু ভণিয়েকক লগ পাই তাইৰ বহুত ভাল লাগিল ।তাই যেতিয়া ঘৰলৈ উভটি আহিল সেইদিনা ৰাতিলৈ সি নিৰুপমালৈ  কান্দি কান্দি ফ’ন কৰি কৈছে যে "মাহঁতে  তোমাক লৈ মোক গালি পাৰিছে ।তেওঁলোকে কৈছে যে "এনে বৰ বিশ্ব সুন্দৰীজনী পালি কাণৰ পৰা ম’বাইল নুগুচেই ।"
তাই তেতিয়া ক’লে যে "যদি তোমাৰ ঘৰখনে মোক লৈ আপত্তি কৰিছে তেন্তে মই এই সম্পৰ্কতো নাৰাখো।" কিন্তু সি তাইক বিশ্বাস দিলে যে" আমাৰ প্ৰেমৰ বিৰুদ্ধে কোনোবাই হাজাৰ যুদ্ধ কৰিলেও মই সদায় তোমাৰে হৈ থাকিম" ৷
লাহে লাহে আৰু এটা বছৰ পাৰ হ’ল ।সিয়ো ঘৰলৈ উভটি আহিল আৰু তাইও BA কমপ্লিট কৰিল ৷তাঁহাতৰ মাজৰ খং অভিমান কাজিয়া আৰু তাৰ উশাহ এইবোৰ সামৰিয়েই নিৰুপমা সুখী হৈছিল।ব্যস্ততাৰ মাজতো তাৰ তালৈ থকা আদৰ আৰু হেঁপাহৰ বাবে তাই তাৰ ওচৰত দুৰ্বল হৈ পৰিল।সি তাঁহাতৰ ঘৰলৈও সহজভাৱে অহাযোৱা কৰিবলৈ ল’লে ৷সিহঁতৰ সম্পৰ্কটোৰ কথা তাইৰ আত্মীয় স্বজন,ওচৰ চুবুৰীয়া,বন্ধু বৰ্গ সকলোৱে লাহে লাহে গ’ম পোৱা হ’ল ৷

এদিন নিৰুপমাৰ ঘৰত এই বিষয়টো লৈ আলোচনা কৰিলে যে তাঁহাতৰ ঘৰৰ মানুহক সিহঁতৰ ঘৰলৈ মাতিব আৰু তাইকো ঘৰত সকলো খুলি ক’বলৈ কোৱাত তাইও সকলো খুলি ক’লে কাৰণ এজনী ছোৱালীৰ এটা নিৰ্দিষ্ট সময় থাকে বিবাহৰ বাবে আৰু অভিভাৱকে এই বিষয়ক লৈ অধিক সচেতন ৷নিৰুপমাৰ মাক দেউতাকৰ ইচ্ছা মতেই এদিন দীপকৰ মাক দেউতাক ,বৰমাক খুৰীয়েক সিহঁতৰ ঘৰলৈ আহিলে আৰু তেওঁলোকৰ আগত তাইৰ দেউতাকে সিহঁতৰ সম্পৰ্কটোৰ কথা দোহাৰিলে লগতে তেওঁলোকৰ মতামত স্পষ্টকৈ জানিব বিচাৰিলে ৷তেতিয়া তাঁহাতৰ মাক দেউতাকে ক’লে যে" ল’ৰা ছোৱালীয়ে ভালপায় যেতিয়া আমাৰ কোনো আপত্তি নাই। আমি মিতিৰ পাতিবলৈকে আহিছোঁ ভাঙিবলৈ অহা নাই। "তেতিয়া নিৰুৰ দেউতাকে জনালে যে" আমি যাতে আনৰ আগত খোলাকৈ ক’ব পাৰোঁ সেইবাবেহে আপোনালোকৰ মতামত জানিব বিচাৰিলোঁ ৷"
সকলোবোৰ ভাৱি চিন্তি অহা বহাগত বিয়াখন হ’ব বুলি সিদ্ধান্ত লোৱা হ’ল ।নিৰুৱে দীপকৰ মাক আৰু দেউতাকক মান ধৰাৰ পৰম্পৰাৰে বিহুৰ মৰম যাঁচি সকলোকে বিদায় দিলে৷সেইদিনা তাইতকৈ বেছি সুখী হয়তো কোনো নাছিল ৷বহুত সপোন,আশা ভৰসাই তাইৰ মন হৃদয় গিজগিজাই আছিল ৷তেওঁলোক যোৱাৰ পিছত তাই দিপকৰ পৰা জানিব বিচাৰিছিল যে মাক দেউতাকে  তাঁহাতৰ ঘৰত কিবা বেয়া পাই গ’ল নেকি তেতিয়া সি কৈছিল যে মাক দেউতাকে একো আপত্তি কৰা নাই যেতিয়া আৰু কাৰো কথা শুনাৰ প্ৰয়োজন নাই ৷সিহঁতি সঁচাকৈ ভৱিষ্যতৰ বাবে বহুত পৰিকল্পনা কৰিছিল ৷

আশা হৈছে মানুহৰ জীয়াই থকাৰ সম্বল ।এই আশাতে অন্তৰ্নিহিত হৈ থাকে জীৱনৰ সুখ আৰু সাফল্য। জীৱনৰ হাজাৰ পংকিলতা কূটিলতাবোৰ এই আশাৰ পোহৰত চিটিকি পৰে। নিৰুপমাইও তাৰ ওপৰতে তাইৰ সকলো আশা ভৰসা সঁপি জীৱনটো তাৰ সৈতেই পাৰ কৰিম বুলি বহুদূৰ আগুৱাই গ’ল ৷এনেদৰে দিন মাহ বছৰবোৰ পাৰ হ’বলৈ ধৰিলে ৷লাহে লাহে তাই অনুমান কৰিবলৈ ধৰিলে যে সি যেন ব্যস্ততাৰ অজুহাত দেখুৱাই তাইৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে ৷এইবোৰক লৈ সিহঁতৰ মাজত কাজিয়া লাগি দুই তিনিদিনলৈ কথা নপতাকৈ থাকিব ধৰিল ৷তাইৰএনেকুৱা লগা হ’ল যে পুৰণি হৈ গ’লে সঁচাকৈ মৰমৰ আদৰ কমে ৷ক্ৰমান্বয়ে তাই জীয়াই থকাৰ আশাবোৰ সঁচাকৈ হেৰুৱাই পেলাইছিল৷এদিন তাই সুধিবলৈ বাধ্য হ’ল যে সি তাইক বিচাৰে নে নিবিচাৰে আৰু তাৰ উত্তৰত তাই জানিবলৈ পালে যে তাইক লৈ তাঁহাতৰ ঘৰত প্ৰায়ে কাজিয়া হয় ।আৰু সি কয় যে ঘৰত মাক দেউতাকে বিচাৰিলেহে সি তাইক বিচাৰিব ৷কথাবোৰ শুনি তাইৰ মূৰত যেন আকাশখন খহি পৰিল ৷যিটো ল’ৰাই তাইৰ বাবে মাক দেউতাকৰ বিৰুদ্ধেও যাম বুলি কথা দিছিল,প্ৰতিবাদ কৰি আহিছিল ,যিটো ল’ৰাই তাইক হিয়া উজাৰি মৰম দিছিল,সেই ল’ৰাটোৰ এই পৰিৱৰ্তন তাই কেনেকৈ মানি ল’ব আৰু সম্পৰ্ক এটাতো শেষ কৰোঁ বুলি ক’লেই শেষ কৰিব নোৱাৰি ৷নিৰুপমাই তাইৰ বান্ধৱী এজনীৰ দ্বাৰা তালৈ Ph লগালে।তাইও তাক বহুত বুজালে। কিন্তু তাৰ এটাই কথা যে মা দেউতাই নিবিচাৰিলে সি একো ক’ব নোৱাৰে৷তাইৰ হৈ বান্ধৱীজনীয়ে তাক কৈছিল মাক দেউতাকক আকৌ বুজাবলৈ ৷আৰু সি নিৰুপমাৰ বাবে কি এই সকলো তাক ক’লে ।সি লাহে লাহে বুজি পাই তাইক ক’লে যে সি তাইক পৰীক্ষাহে কৰিছিল হেনো। আৰু ক’লে যে মাক দেউতাকে নিবিচাৰিলেও সি তাইক আপোন কৰিম বোলা কথাষাৰ সঁচা ৷কিন্তু সি তাইক তাৰ মাক দেউতাক আৰু ঘৰখনৰ পৰা আশা কৰিবলৈ মানা কৰিলে আৰু সি বিচৰা ধৰণেৰে তাইক থাকিবলৈ ক’লে। তাই তাৰ সকলোবোৰ কথাই মানি ল’লে ৷তাইক ভালকৈ থকাৰ কথা কৈ সি নিজেও ভালদৰে থকাৰ  প্ৰতিশ্ৰুতি দিলে ৷সি যেন তাইকলৈ কিবা গভীৰ অনুভৱ কৰিব পাৰিছিল নিৰুৰ তেনে লাগিছিল বহুত ভালকৈ তাইৰ সৈতে কথা পাতিছিল আৰু কৈছিল যে " তোমাৰ দৰে ছোৱালী এজনী পাবলৈ ভাগ্য লাগিব ৷মই তোমাক ইমান বেয়াকৈ কোৱাৰ পাছতো তুমি মোক ইমান ভালপোৱা মই তোমাক হেৰুৱালে মোৰ সকলোবোৰেই হেৰুৱাব লাগিব ৷"এই কথাকেইষাৰ শুনি তাই বহুত কান্দিছিল আৰু ধাৰণা কৰিছিল যে সি তাইক তাৰ মানসিকতাৰ পৰা বেয়া ব্যৱহাৰ কৰা নাই মাক দেউতাকৰ কথাত বাধ্য হৈহে এনেকুৱা কৰিছিল ৷
এনেদৰেই আকৌ মৰম বিশ্বাসৰ সৈতে সম্পৰ্কটো আগুৱাই যাবলৈ ধৰিলে। সিয়ো তাইৰ ঘৰলৈ আহে,মাক দেউতাকে তাক বহুত আদৰ কৰে ৷তাইৰ ককায়েকতকৈ কোনো গুণে কম বুলি নাভাৱে। তাইৰ মা দেউতাকেও তাৰ ঘৰৰ খা-খবৰ লয় আৰু সিয়ো কয় যে তাঁহাতৰ ঘৰলৈ তাইৰ মা দেউতাকক মাতিব ৷নিৰুপমায়েও সুধে মাজে মাজে সকলো কথা ।সি তেতিয়া তাইক কয় যে "তোমাক গুৰুত্ব নিদিলে তুমিও গুৰুত্ব নিদিবা আৰু কথাবোৰ বেছি ভাৱি নাথাকিবা" ৷তাইৰ অনুভৱ হয় যেন তাঁহাতৰ ঘৰৰ সকলোৱে তাইক যেন বহুত বেয়া পায় ৷নিৰুপমাৰ দেউতাকে তাঁহাতৰ ঘৰলৈ বহুত হেঁপাহেৰে কিবাকিবি বস্তুও দি পঠিয়াই ৷পুখুৰীৰ মাছ,ঘৰৰ শাকপাচলি চাউল ইত্যাদি এইসমূহ কিমান মৰমত দি পঠিয়াই তাই ভাৱিলেই কষ্ট পায়৷

যেতিয়াই তাৰ মুখৰ পৰা মাক দেউতাকে তাইক কৰা অৱহেলাবোৰৰ কথা গ’ম পায় তেতিয়া তাইৰ বহুত কষ্ট হয়  আৰু বাৰে বাৰে তাৰ পৰা জানিব বিচাৰে যে সি তাইক বিচাৰে নে নিবিচাৰে ৷সি নিৰুপমাক বহুত আশ্বাস দিয়ে যে সি তাইৰ বাহিৰে আন একো চিন্তা নকৰে ৷আৰু তাইকক সদায় ভালদৰে থাকিবলৈ কয় ৷তাইৰ যত্ন লয়৷এনেদৰেই দিনবোৰ পাৰ হৈ থাকিলেও মাজে মাজে তাঁহাতৰ ভৱিষ্যতক লৈ কাজিয়া হয় ।তাই কিবা কথা সুধিলে সি আঁতৰি ফুৰিব বিচাৰে ৷তাই আকৌ অনুভৱ কৰিলে সি যেন পুনৰ সলনি হৈছে ৷

2019 চনৰ 1 নবেম্বৰ তাৰিখে নিৰুপমাৰ জন্মদিন পতা হৈছিল ।সেই সময়ত তাঁহাতৰ সম্পৰ্কতো বৰ এটা ঠিক নাছিল ৷ওচৰৰে বৰমাক আৰু লগৰ কেইজনীমানৰ আব্দাৰত তাই জন্মদিন পাতিছিল আৰু তাকো আমন্ত্ৰণ কৰিছিল ।সি আহিছিল ,মাক দেউতা আৰু তাইৰ লগৰকেইজনীৰ সৈতে ফুৰ্তি কৰিছিল ৷
সেইদিনা সি থাকিলে ৷পিছদিনা ৰাতিপুৱা তাই তাক সুধিলে যে "তুমি মোৰ সৈতে কিয় এনেকুৱা কৰি আছা ?মা দেউতাৰ দৰে তুমিও যদি মোক নাইবিচৰা তেন্তে মোক খুলি কৈ দিয়া কিয় বাৰে বাৰে আমাৰ ঘৰলৈ আহি আছা ?মোক মিছা সপোনবোৰৰ মাজত কিয় আৱদ্ধ কৰি ৰাখিছা ?"সি তেতিয়া তাইক তাৰ বুকুৰ মাজত সোমোৱাই লৈ ক’লে যে "মই আছোঁ নহয়,তুমি একো চিন্তা নকৰিবা" এই কথাষাৰতে তাই পুনৰ তাৰ ওচৰত দুৰ্বল হৈ পৰিল আৰু সকলো ঘাত প্ৰতিঘাত পাহৰি গ’ল ৷ঘৰলৈ যোৱাৰ আগত কৈ গ’ল যে সি এই বিষয়ে মাক দেউতাকৰ সৈতে ভালদৰে আলোচনা কৰিব বুলি ৷

কিছুদিনৰ পিছত আকৌ সেই একেই অৱস্থা ৷কৈ যোৱা কথাবোৰ দুদিনতে পাহৰি গ’ল ৷সেই কথাবোৰ যেন তাইৰ পৰা হাত হাৰিবৰ বাবেহে কৈছিল তেনে অনুভৱ হ’ল তাইৰ ৷তাইৰ ককায়েক কৰ্মসূত্ৰে কেৰেলাত থাকে,যিহেতু তাৰ মাক দেউতাকে ব’হাগত বিয়া হ’ব বুলি কথা দি থৈ গৈছিল সেইবাবে তাইৰ ককায়েকে  বহুত আশাৰে ঘৰলৈ আহিল ৷
তাই দিপকৰ আগত বিয়াৰ কথা সুধিলে চিধাই কয় ঘৰত সুধিবলৈ ৷তাইৰ  বহু প্ৰশ্নৰ মুখামুখি হ’ব নোৱাৰি সি প্ৰায় ম’বাইলটো অফ কৰি ৰাখে। এদিন নিৰুপমাৰ মাকে তাঁহাতৰ মাক দেউতাকলৈ ph কৰিলে। ph ত মাক দেউতাকৰ কথা কোৱাৰ ভংগীয়েই বেলেগ ।তেওঁলোকৰ মতে তেওঁলোকে ল’ৰাৰ এতিয়া বিয়াৰ কথা ভৱা নাই কাৰণ ল’ৰাৰ কোনোধৰণৰ সংস্থাপন নাই তাৰ পৰা ঘৰখনত ছোৱালী এজনী (দিপকৰ ভনীয়েক)বিয়া দিবলৈ আছে ৷আপোনালোকৰ ঘৰলৈ গ’লোঁ বুলিয়েই এইবোৰ কথা পাতিবলৈ যোৱা নাছিলো ইত্যাদি বিভিন্ন কথা ৷তাইৰ মাকক একো কথা ক’বলৈ সুবিধা নিদি Ph কাটি দিলে ৷ইয়াৰ দুদিন পিছতে দিপকৰ দেউতাকলৈ তাইৰ মাকে ph লগাই ক’লে যে "আপোনালোকে যিদৰে নিজৰ ছোৱালী জনীৰ ভাল হোৱাটো কামনা কৰে ঠিক সেইদৰে আমিও আমাৰ ছোৱালীজনীৰ ভাল হোৱাটো বিচাৰোঁ ৷ল’ৰা ছোৱালীয়ে ভাল পাইছে আমাৰ কাৰো দোষ নাই। আপোনালোকে যি কথা দি গৈছিল আমি অতদিনে তেনেকৈ ভাৱি আছোঁ। আপোনালোকৰ মনত কি চলি আছে সেইয়া আমাক খোলাকৈ ক’ব ৷কথা দি যদি কথা ৰাখিব নোৱাৰে তেতিয়াও জনাব কাৰণ আমি বহুত আশা কৰি আছোঁ" ৷
তেতিয়া দেউতাকে ক’লে যে" ল’ৰাই আজি আনিলেও আমাৰ কোনো আপত্তি নাই ।আমি অতি সোনকালে আপোনালোকক সিদ্ধান্ত জনাম বাৰু"৷

সেইদিন ধৰি দিপকৰ সৈতে তাইৰ সম্পৰ্ক আৰু বেয়া হ’বলৈ ধৰিলে ৷যিটো ল’ৰাই তাইৰ উশাহত টোপনি গৈছিল সেই ল’ৰাটোৰ দুই তিনিদিনলৈ তাইলৈ মনত নপৰা হ’ল ৷তাই যিমান ph কৰিলেও নানা অজুহাতেৰে তাইক অৱহেলা কৰে ৷

মানুহৰ সহ্য আৰু ধৈৰ্য্যৰ এটা সীমা থাকে। নিৰুপমাৰ সেই সীমা পাৰ হৈছিল ৷তাই তাৰ পৰা সঠিক উত্তৰ জানিবলৈ সুধিলে যে "তুমি মোৰ সৈতে এনেকুৱা কৰি কি পালা ?মোৰ সৈতে কিয় এনেকুৱা কৰিলা ?মইতো ভালপোৱা দিওঁতে অলপো কৃপণালি কৰা নাই ৷মিছা আশ্বাস দি কিয় মোৰ পৰা ভালপোৱা আদায় কৰিলা ?মই তোমাৰ পৰা অকণমান মৰম আৰু আদৰৰ বাহিৰে একো বিচৰা নাছিলোঁ। ইমান বছৰে কিয় তুমি মোৰ আৱেগবোৰৰ ৰং চালা ?তুমি দিয়া কথাবোৰ কিয় ৰাখিব নোৱাৰিলা ?তোমাৰ ওঁঠেৰে কোৱা কথাবোৰৰ ওপৰত বিশ্বাস কৰিয়েই মই আজি ইমান দিনে নানা ঘাট প্ৰতিঘাটৰ মাজতো হাঁহি আছিলোঁ ৷কেৱল তোমাক চিৰদিনৰ বাবে কাষত পোৱাৰ স্বাৰ্থতে ৷তোমাৰ পৰা মই নিজেই আঁতৰি যাবলৈ মোৰ আগত বহুত কাৰণে থিয় দি আছিল ।ভাৱিছিলোঁ তোমাৰ মা দেউতাই আজি আমাৰ সম্পৰ্কটো নামানিলেও এদিন হ’লেও মানি ল’ব ।আৰু যদি তেওঁলোকে মোক বিচৰাই নাছিল তেন্তে আমাৰ ঘৰলৈ কিয় আহিছিল ।এজনী ছোৱালীৰ মূল্য তেওঁলোকে বুজি নাপালে ।মোৰ ইমান দিনৰ সপোনবোৰ ভাঙি চূৰমাৰ কৰি দিলা তুমি ।মই জীয়াই থাকিব পাৰিমনে ?মই ওচৰ চুবুৰীয়া,বন্ধু বান্ধৱী আদিৰ আগত কেনেকৈ মুখ উলিয়াম ?
তুমি মোৰ ভালপোৱাক দুৰ্বলতা বুলি ভাৱি মোক ব্যৱহাৰ কৰি গ’লা ৷মোক বদনামী কৰিলা সকলোৰে চকুত ৷তুমি মোৰ মনটোক কেতিয়াও ভালপোৱা নাছিলা কেৱল মোৰ শৰীৰটো বিচাৰিছিলা ৷তুমি কিয় মোৰ পবিত্ৰ প্ৰেমক অপমান কৰি অপবিত্ৰ কৰিবলৈ চেষ্টা কৰিলা ?কিমান বিশ্বাসত এজনী ছোৱালীয়ে নিজৰ শৰীৰৰ কাপোৰ খুলি প্ৰিয়জনৰ ওচৰত শৰীৰটো সমৰ্পণ কৰিবলৈ সাহস কৰে তুমি জানা ?তুমি কিয় মোৰ সৈতে ইমান অন্তৰংগ মুৰ্হূত্ব পাৰ কৰিলা ?কিয় ?"
তাইৰ এই কথাবোৰ ককায়েকে শুনি আছিল ৷তেওঁ Ph টো কাঢ়ি ল’লে দিপকৰৰ লগত কথা পাতিবলৈ ৷ককায়েকে তালৈ ph লগালে সি কাটি কাটি দিলে ।শেষত তাৰ ভনীয়েকে ph টো ৰিচিভ কৰিলে। তাইৰ ককায়েকে  Ph টো মাক দেউতাকক দিবলৈ ক’লত তাই মান্তি নহ’ল ।যি ক’বলগীয়া আছে তাইকে ক’বলৈ ক’লে ৷তাইৰ ককায়েকে বহুতকেইটা প্ৰশ্ন কৰিলে কিন্তু তাৰ উত্তৰত ভনীয়েকে ক’লে যে তাঁহাতৰ তুলনাত নিৰুপমাহঁত বহুত দুখীয়া ।লগতে ককায়েকৰ যোগ্য তাই নহয় কাৰণ তেওঁলোকৰ মতে তাই দেখিবলৈ বেয়া যাৰবাবে তাক তাৰ মাক দেউতাকে সদায় গালি পাৰে ইত্যাদি বিভিন্ন কথা ক’লে ।নিৰুৱে তাঁহাতৰ ভনীয়েকৰ কথাৰ প্ৰত্যুত্তৰত ক’লোঁ যে "তোমালোকৰ দেউতাৰ বাহিৰে মোক সকলোৱে দেখিছিল ।আমাৰ ঘৰলৈ নহালৈকে সকলো ঠিকেই আছিল কিন্তু আমাৰ ঘৰলৈ অহাৰ পাছতহে এনেকুৱা হ’ল ।আৰু তোমালোকে যোগ্যতা চাইছা মইতো নপঢ়া নুশুনা নহয়,তাৰোপৰি মোৰ হাত ভৰি সকলো আছে ৷বোবাও নহয় মই ৷মই তোমালোকৰ তুলনাত দুখীয়া বুলিয়েই......৷সকলো শেষ হৈ গ’ল মোৰ ৷" কথাখিনি কৈয়ে তাই ph টো কাটি দিলে ।বৰকৈ বুকুখন বিষাইছিল ৷আঘাতবোৰে পৰস্পৰৰ মাজত যুদ্ধ কৰি হৃদয়খন ফালিচিৰি পেলাইছিল। দুচকুৰ চকুপানীত গাৰু তিতি গৈছিল ।
মানুহে কয় যে ঘঁহিলে শিলো ক্ষয় হয় কিন্তু তাৰ হৃদয়খন ইমান কঠিন আছিল যে তাইৰ মৰম আৰু আঘাতবোৰে তাক সলনি কৰিব নোৱাৰিলে ৷সঁচাকৈ কাৰোবাৰ অৱহেলা বা অনুপস্থিতিয়ে যে মানুহক ইমান কষ্ট দিব পাৰে সেই কথা তাই ইয়াৰ আগতে কোনোদিনে ভৱা নাছিল ৷তাই মনতে উপলব্ধি কৰিলে যে এইয়া কেতিয়াও প্ৰেম হ’বই নোৱাৰে । তাই হয়তো কোনোদিনেই তাৰ অবিহনে সুখী হ’ব নোৱাৰিব ৷
সি হয়তো বহুত সুখী ৷হেৰুৱাৰ বেদনা কি সেইয়া ভালকৈ উপলব্ধি কৰিব পৰা নাই ।
সঁচাকৈ এই সম্পৰ্কবোৰো বৰ আচৰিত ।তাই প্ৰতিটো ক্ষণ কান্দিছে ।তাইৰ আত্মাই চিঞৰি উঠে ৷মাজে মাজে যেন উচপ খাই উঠে ।উশাহবোৰেও মাজে মাজে লগ নিদিয়ে ৷মাক দেউতাকে দিয়া বুজনিবোৰ খন্তেকীয়া ৷কাৰোবাৰ দ্বাৰা অৱহেলিত হোৱাৰ কষ্টৰ একোৰে তুলনা নাই। সেইয়া তাই বাৰে বাৰে অনুভৱ কৰিছে ৷তাই নিজকে নিজে ক’লে যে "দিপক তুমিও এদিন অনুভৱ কৰিবা ৷কোনোবাই ইমান দুখ কষ্ট আৰু চকুপানী উপহাৰ দিয়াৰ পাছতো সেইজনক নিঃস্বাৰ্থভাৱে বুকুৰ মাজত সোমোৱাই জীয়াই থকা ছোৱালীজনীৰ ভালপোৱা কিমান গভীৰ হ’ব পাৰে”

হয়তো সি তাৰ জেদ,অহংকাৰ ,টকা পইচা এইবোৰক লৈ সুখী আছিল আৰু তাই আত্মসন্মানৰ কথা চিন্তা কৰি সুখী হোৱাৰ সিদ্ধান্ত ল’লে ৷যাৰ ওচৰত গুৰুত্ব আৰু সন্মান নাই সেই ভালপোৱা একপক্ষীয়ভাৱে জীয়াই ৰখাৰো কোনো যুক্তি নাই ৷
নিৰুপমাই তাৰ অৱহেলাবোৰৰ ওচৰত হাৰ মানি তাৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ল ৷সি তাইক হেৰুৱাবলৈ কোনোদিনে ভালেইপোৱা নাছিল ,প্ৰেম তাৰ ওচৰত নগণ্য৷গতিকে সেই আঘাত সি নাপায় ৷আচলতে নিৰুপমা দিপকৰ ওচৰত হাৰি হাৰি জিকি গ’ল ৷তাই সংস্কাৰী ছোৱালী ৷মানুহক বিশ্বাস কৰাটো তাইৰ সংস্কাৰ ।

সেইদৰে তাৰ যি ভীৰুৰ দৰে ব্যৱহাৰ সেইয়া তাৰ সংস্কাৰ। তাই কাৰোবাৰ আৱেগ অনুভূতিক আঘাত কৰিবলৈ সাহ কৰা নাই তাৰবাবে তাই বহুত কষ্ট পাইছে ৷
তাই উপলব্ধি কৰিলে যে সাধাৰণ মানুহে আচলতে প্ৰত্যেক মানুহকে মানহ বুলি গণ্য কৰে ৷সঁচাক সঁচা বুলি মানি ল’বলৈ তাইৰ সংস্কাৰে শিকাইছে ৷
কিন্তু দিপক তাইৰ বিপৰীত ৷তাৰ পিতৃ-মাতৃ টকা পইচা সা-সম্পত্তি আৰু সৌন্দৰ্যকে সৰ্বোচ্চ বুলি ভাবে ৷জ্ঞানীজনেহে সকলো বস্তুৰ মূল্য বুজি পায় ।মাক দেউতাকৰ দৰে তাৰো হয়তো অহংকাৰৰ সীমা নাছিল ৷সি যদি তাইক সঁচাকৈ ভাল পালেহেঁতেন তেন্তে ইমান দিনে সি তাইৰ কাষলৈ ঘূৰি আহিলহেঁতেন বা এটা Ph হ’লেও কৰিলেহেঁতেন ৷কিন্তু নকৰিলে কিন্তু তাই ভিতৰি ভিতৰি প্ৰায় শেষ হৈ গ’ল। কিন্তু সত্যবোৰ মানি ল’বই লাগিব যে দিপক তাইৰ বাবে নহয়। তাইৰ দুখবোৰে তাক কেতিয়াও চুব নোৱাৰে। তাইৰ চকুপানীবোৰে তাক পুনৰ তাইৰ কাষলৈ উভটাই আনিব নোৱাৰে ।সি নিজৰ মাক দেউতাকৰ আদৰ্শৰ ওচৰত বাধ্য আৰু সিদ্ধান্তত অটল ।কোনোবাই তাৰ বাবে কষ্ট যে পাইছে সেইয়া ভাৱিবলৈ তাৰ আহৰি নাই ৷

যিসকল ছোৱালীয়ে নিৰুপমাৰ দৰে এনে কু চক্ৰান্ত আৰু মানসিকতাৰ বলি হৈছে মই তেওঁলোক সকলোকে অনুৰোধ কৰিম মানুহক প্ৰথমে বিশ্বাস নহয় চিনি পাবলৈ শিকিব লাগে ।আমাৰ দৰে ছোৱালীবোৰক কোনোবাই সপোন দেখুৱাই ঠিকেই আছে কিন্তু সেই সপোন ভগাৰ অধিকাৰ কাৰো নাই ।আমাৰ দৰে পৰিয়ালবোৰে সন্তানক লৈয়ে সুখ দুখ ৷সেই সুখবোৰ আজুৰি নিয়াৰ অধিকাৰ কাৰো নাই ।
নাপায়৷কাৰোবাৰ জীৱন আৰু সপোনবোৰক লৈ কেতিয়াও হাতালি খেলিব নাপায়। বুকুুত জ্বলি থকা জুইকুৰাৰ তাপবোৰ সহ্য কৰি জীয়াই থকাতো বৰ কঠিন হৈ পৰে ৷

ইমানখিনি হোৱাৰ পিছত ছোৱালী এজনীয়ে নিজক চম্ভালি ৰখাটো বৰ টান যদিও নিজৰ দায়িত্ব ল’বলৈ সাহ কৰিব লাগিব ৷এইবোৰ জীৱনৰ এটা এটা অভিজ্ঞতা। এনেধৰণৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাই মানুহক জীৱনটো সুন্দৰকৈ পৰিচালনা কৰিবৰ জোখাৰে পৰিপক্ব কৰি তুলে ৷

দিপক বা তেওঁৰ পিতৃ মাতৃৰ দৰে মানসিকতা থকা মানুহক মই ক’ম যে মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ শিকক। এই পৃথিৱীত স্থায়ী বুলিবলৈ একোৱেই নাই ।ধন টকা পইচা ৰূপ সৌন্দৰ্য্য এইবোৰ খন্তেকীয়া। এটা সময়ত শেষ হৈ যায়। কিন্তু সুন্দৰ মন এটা আৰু ভাল স্বভাৱ চৰিত্ৰ এটাৰ আদৰ গুণী আৰু প্ৰকৃত মানৱীয়তাৰে পৰিপুষ্ট ব্যক্তিএজনৰ ওচৰত সদায়ে থাকে ।কথাবোৰ চাবলৈ গ’লে খুব সহজ যদিও আমাৰ সমাজত অধিকাংশই উপলব্ধি নকৰে যদি কৰিলেহেঁতেন নিৰুপমাৰ দৰে ছোৱালী বা বোৱাৰী সকল বাৰে বাৰে বঞ্চিত আৰু দুখ কষ্টৰ সন্মুখীন নহ’লহেঁতেন ৷বহুতো ছোৱালীয়ে আজি আত্মহত্যাৰ দৰে সিদ্ধান্ত বাচি ল’বলগীয়া পৰিস্থিতি নাহিলহেঁতেন৷আপোনালোকৰ দৰে মানসিকতাৰ মানুহেই আনৰ ছোৱালী এজনীক নিজৰ জী বুলি ভাৱি ল’ব নোৱাৰে ৷

গতিকে সকলোৱে কাৰোবাৰ আৱেগ অনুভূতি,আশা আকাঙক্ষা,সপোনবোৰক আঘাত কৰাৰ আগতে এবাৰ ভাৱি চাব কাৰণ নিৰুপমাৰ দৰে হাজাৰ জনী ভুক্তভোগী ছোৱালীয়ে নিজক বহুত কষ্টেৰে চম্ভালি জীয়াই থাকিব পাৰিব কিন্তু আপোনালোকৰ দৰে পঙ্কিলতাৰে পৰিপূৰ্ণ মানসিকতাৰ মানুহক ইতিহাসে কেতিয়াও ক্ষমা নকৰে ৷

লেখা:-  Purabi Khanikor