কোম্পানীৰ চাকৰি।
অফিচৰ বুঢ়া ডালে ছুটী পুটী একো ডাল নিদিয়ে 'জহনীটোৱে'😡।
সেইদিনা কিবা কাম এটা থকা বাবে বুঢ়াৰ ওচৰলৈ ছুটী বিচাৰি গলোঁ।
বুঢ়াই যে ছুটী নিদিয়ে আগতীয়াকৈ জানোঁ...🙄।
সেইগতিকে জবৰদস্তি চকু পানী দুটোপাল মান উলিয়াই বচৰ ওচৰ পালোঁগৈ।

বচ - কি হ'ল...?
কান্দিছা যে...?

মই - ছাৰ,আমাৰ কাষৰ ঘৰৰ আইতা গৰাকী হস্পিটেলত এডমিট হৈ আছিল।
আজি পুৱাই আইতা ঢুকাল....।
এতিয়া ঘৰৰ পৰা ফোন কৰি খবৰ দিছে.....।

বচ - নিজৰ আইতা...?

মই - বংশৰ।
আইতাই মোক বৰ ভাল পাইছিল।
তেওঁক অন্তিম অৱস্থাত মই এবাৰ......

বচ - উপায় টো নাই।
আজি বাৰু তোমাক ৰেহাই দিছোঁ।
যোৱা ঘৰ যোৱা।

বচ,অফিচৰ পৰা ওলোৱা পিছত চকু পানী গুলি মাৰ।👊

এদিনৰ বাবে ৰেহাই পালোঁ।😍

নেক্সট দিনাও একেই কিটিপ লগাই দিলোঁ।
চকু পানী নোলোৱা দেখি পানী অলপ কে গালত সানি বুঢ়া ওচৰত হাজিৰ হলোঁ......

বচ - কি হ'ল আকৌ...?

মই অলপ চেণ্টি ফালি.......😭😔😔

মই - ছাৰ,আইতা যে ঢুকাইছিল;ককাই সেইটো সহিব নোৱাৰি কিবা প্ৰেচাৰ উঠি হস্পিটেলত এডমিট হৈ আছে।
ককাও চিৰিয়াছ বোলে।😢
লাষ্ট বাৰৰ বাবে মোক চাবলৈ ইচ্ছা কৰিছে।
হলেও ছাৰ মই যাব নোৱাৰোঁ,মই গলে মোৰ কাম বোৰ কোনে কৰিব।😔😔

বচ - ককাৰ সেইটো য়ে আশা যদি গৈ আহা যোৱা।
কিন্তু কাইলৈ সময়ত আহিবা হলে।

মই হব বুলি কৈ আৰু.....🏃🏻🏃🏻🏃🏻🚶🏻🚶🏻।

আজি কেইদিনমান ছুটী লোৱা নাই।
বুঢ়াক বেজিটো কেনেকৈ দিওঁ ভাবি ভাবি একো নাপালোঁ।

ৰাতিপুৱা অফিচলৈ যোৱা আগত আমাৰ অফিচতে কৰা বাবু দাক দেখিলোঁ।

মই - বাবু দা,আজি কি অফিচলৈ নাযায় নি...?

বাবু দা - তাকে,আজি নাযাওঁ ভাবিছোঁ।
বুঢ়াক কিবা এটা ফাঁকি মাৰি দিম যাওঁতে এক্সিডেন্ট হ'ল বুলি য়ে.....।
হাত খন বেণ্ডেজ এটা মাৰি যাম কি গম পাব।
পিছে তই নাজাও(ৱ) নি...?

মই - মইয়ো নাযাওঁ,মইয়ো কিবা এটা ফাঁকি মাৰি দিম তেনেকৈয়ে।😬

সদায় নগলে বুঢ়াটোৱে দৰমহা কাটে।
গতিকে মোৰ চেহেৰাটো দেখিলে অন্ততঃ দৰমহা কে টাকে পাম বুলি বাবু দাক মিছা কৈ অফিচ পালোঁগৈ।

বচ অফিচত বহি আছে।
মই অলপ এক্টিংৰ ভাঁজটো আনি দোষ মনেৰে বচৰ সন্মুখৰ আগে আগে দুবাৰ মান অহা যোৱা কৰি দেখালোঁ।

বচে তাকে দেখি মোক মাতিলে.....

বচ - কি হ'ল...?

মই - ছাৰ,ডাঙৰ ঘটনা😢😢।

বচ - হ'ল কি.....?

মই - ছাৰ,আমাৰ অফিচৰ বাবু দা যে.....অফিচলৈ আহোঁতে বাইকৰ পৰা পৰিলে।
হাতত দোষ পাইছে বোলে।
বৌও নাই।
দাদাক বা কোনে হস্পিটেললৈ নিছে,কোন বা লগত আছে মোৰ চিন্তাই হৈছে......।

বচে মোলৈ বহুত দেৰি চাই কলে.......

বচ - সঁচাই বাবুৰ এক্সিডেন্টটো চিৰিয়াছ নেকি...?🙄

মই - হয় ছাৰ।

ছাৰে মোক অলপ বাহিৰত য়ে ৰবলৈ কলে........।
মইয়ো ৰূমৰ পৰা বাহিৰ ওলাই আহিলোঁ।
আহোঁতে অফিচৰ পিয়ন জনে পাই সুধিলে.......

পিয়ন - তুমি ইয়াত যে....?🙄

মই - অফিচত নাথাকি ক'ত থাকিব লাগিছিল..?😡

পিয়ন - কিন্তু এই পাঁচ মিনিট মানৰ আগত বাবু দাই তোমাৰ কিবা এক্সিডেন্ট হোৱাত হস্পিটেলত এডমিট হৈ আছে বুলি চোন বচৰ পৰা ছুটী লৈ গৈছে।😳😳

পিছৰ খিনি নকওঁ আৰু।
বচে ৰবলৈ কোৱা কাৰণ পিছত হে গম পালোঁ।
চাল্লা,বুঢ়াই মোকটো খেদিলেই আৰু  বাবু দাকো চাকৰি পৰা........😒😒😒😒।

বুঢ়াক চাল্লা,ৰাতি পাব লাগিছিল।
🔨 কোবাই টেমা ফালিলোঁ হয়।😡😡