ঘৰৰ টিভিটোত বহুত যুগ ধৰি ৰিচাৰ্য নাই।
কৰিমো বা কিয়...?🙄
কাষৰ দুঘৰত ৰাতিপুৱা পৰা ৰাতি লৈকে ফুল ভলিউমত বাজনা দুটা বাজি থাকে যেতিয়া সকলো খবৰ মই ঘৰৰ পৰাই শুনি থাকোঁ।
গতিকে মিছা মিছি টকা কেইটা কিয় পানীত পেলাওঁ ন....😜।
বাদ বাকী লোকেল নিউজ বিলাক ময়ে ঘৰে ঘৰে বিলাই দিওঁ।
মই থাকোঁতে আৰু বেলেগ লাগে নে......😌।
কিছুমান চকুচৰহাই লগনীয়া বুলি কব হলেও i don't care..👎।

কালি টাউনলৈ বুলি লগৰ এটা লগত গৈছিলোঁ।
তাতে ঘূৰি ফুৰোঁতে দেখিলোঁ ওচৰৰ দাদা কোনোবা ছোৱালী এজনীৰ লগত চিনেমা হলৰ সন্মুখত।🧐
তাৰ মানে বেটাই ঘৰত পত্নীক থৈ বাহিৰত মেনকাক লগত লৈ ফুৰিছে।🤨
দূৰৰ পৰাই ফটো একপি লৈ থলোঁ।😉

বজাৰ সমাৰ কৰি গধূলি আহিবলৈ লওঁতে দেখিলোঁ দাদাই ছোৱালী জনীৰ লগত হেৰী এখনত ☕ খাই আছে।
ঔ টেৰী.....মই আজিলৈকে চিংগোলৰ পৰা ডাবোল হব নোৱাৰিলোঁ আৰু ই বেটাই বিয়া পাতিও ছৰী পটাইছে😡😡😡।

না ইনচাফী।
ঘৰলৈ আহিলোঁ।
আহিয়ে চিধা বৌ ঘৰলৈ গলোঁ।
দাদা আহি পোৱাই নাই।
বৌয়ে মই যোৱা দেখি সুধিলে.....

বৌ - ফটাফট হট নিউজ এটা শুনা চোন....

মই - খবৰ গৰম,আপুনি চাহ একাপ খুৱাই লওঁক চোন।

বৌ - চাহ পিছে পৰে,কাহিনী আগত।

মই - বৌ,আপোনালোকৰ দাদাক মই আজি কোনোবা ছোৱালী এজনী লগত ঘূৰি পুৰা দেখিলোঁ।
হলত চিনেমা ও চালে আনকি ৰেষ্টুৰেণ্টত গৈ একেলগে খাইছে ও....।🤩🤪

বৌ - মিছা নকবি।
আমাৰ এওঁ তেনেকুৱা নহয়।😡😡

মই - বিশ্বাস নকৰিব বুলি জানো বৌ।
সেইবাবে মই ফটো লৈ আহিছোঁ নহয়।😌😉

বৌক ফটো কপি দেখুৱাত পুৰা জুই জ্বলি গ'ল।
পৰিৱেশ সেমেকা।
হওঁক তেওঁ থাৰ্তী ফাষ্ট বুলি(কালি পৰা মানে আজিলৈকে) ভাওনা এখন চাব পাৰিম।😎

দাদা মই থাকোঁতে আহি ঘৰ পালে।
দাদা পোৱাৰ মাত্ৰকে বৌয়ে বচন মাতিলে.....

বৌ - হেৰী ইমান দেৰি ক'ত মৰি আছিলে...?😡

দাদা - আৰে,অফিচৰ পৰা আহি পাইছোঁ হে তুমি চোন....🙄।

বৌ - অফিচ ছুটী হয় আবেলিতে আৰু তুমি ঘৰ সোমাইছা এই ৰাতি।
কোন তেজখাটি ছোৱালী লগত চিনেমা চাবলৈ গৈ গা ঘেলাই আছিলা....?
একেলগে বহি কিবা এসোপা খাই ও আহিছা।😡😡

দাদা নিমাত।

বৌ - এতিয়া মুখে নামাত কিয় কুকুৰ...?

দাদা - তুমি কথাটো ফাষ্ট শুনি লোৱা চোন।

বৌ - জনা আছে তই কি কবি।😡

দাদা - মানে আজি মানুহ এজনৰ টকা পাঁচশ হেৰাল।

বৌ - মই তাতে কি কৰিম..?😡
তুমি চাগে সেই বুঢ়াক টকা বিচাৰি দিছিলা...?

দাদা - নাই ৰে পাগলী।
মানে টকা পাঁচশ টো মোৰ জোতা তলত য়ে আছিল।
মই টকা টো থকা বাবে সেইখিনিৰ পৰা আঁতৰো হব নোৱাৰা হলোঁ।

বৌ - তাৰ মানে পাঁচশ টকাটো তোমাৰ ওচৰত আছে.?
কোনটো চাওঁ দিয়া।

দাদাই টকা ১০০ বৌক দিলে।

বৌ - বাকী ৪০০ শ।🙄

দাদা ৰবা কৈছোঁ।
মানে মই যেতিয়া টকা টো গছকি আছিলোঁ তেতিয়া সেই ছোৱালী এজনীয়ে দেখি আছিল।
তাই যাতে মানুহ জনক কৈ নিদিয়ে সেইবাবে তাইক চকুৰে টিপনি দিলোঁ।
মানুহ জন যেতিয়া গুচি গ'ল তেতিয়া আমি টকা কেইটা ৫০-৫০ কৰিবলৈ ললোঁ যদিও তাই আৰু মোৰ কাৰো ওচৰত খুচুৰা নাছিল।
তুমি জানাই আজিকালি কোনেও থাকিলেও টকা খুচুৰা নিদিয়ে।
সেইগতিকে তাই কলে বোলে ভাল ফ্লিম এখন চলি আছে তাকে চাওঁ ব'লা।
মইয়ো উপায় নাপাই টকাটো মিলাবলৈ কে তাই লগত গলোঁ।
ফ্লিম চাই দেৰি হোৱাত ওচৰৰ ৰেষ্টুৰেণ্ট খনতে কফি একাপ ও তাই লগতে খাই দিলোঁ।
বচ,যেনেতেনে ৫০০ টকাৰে তোমালৈ বুলি এই ১০০ টকাটো বচাই আনিছোঁ।

বৌয়ে মোলৈ চালে.....

বৌ - আচল কথা মানে সেইটো হে।
য়ে দেহা ছৰী ছৰী দেই।
কিছুমান পেট কুলি য়ে কেনেকৈ যে কথা বোৰ লগাই হি নহয়।
তুমি যি কৰিলা ভালেই কৰিলা,অন্তত ১০০ টকা হলেও বাছিলে।
তুমি বহা মই তোমালৈ চাহ আনিছোঁ।

ঔ চি কটা।
কথা মানে সেইটো হে।
হলেও কনফাৰ্ম হবলৈ দাদাক সুধিলোঁ.....

মই - দাদা,কথাটো সঁচা হয় জানোঁ...?🙄

দাদা - কিটো..?

মই - ছোৱালী জনী কাহিনীটো..?🙄

দাদা - ক'ত নো সঁচা।
সেইজনী মোৰ বিয়া পতা আগৰ প্ৰেমিকা আছিল।
ঘপকৈ লগ পাই গলোঁ।
ঘৰলৈ টো আনিব নোৱাৰি ন,সেইগতিকে বাহিৰতেই তাই লগত অলপ টাইম স্পেণ্ড কৰিলোঁ।
পিছে মোৰ বুদ্ধিটো কেনেকুৱা দেখিলি,বৌ ভি খুচ মই ভি খুচ।😎

ঔ চাল্লা ই বেটা হাৰামি বে।
হলেও বেটা ওপৰত মোৰ ডাউট আছিল ন,সেইগতিক দাদাক কথাটো সোধা আগতে পাকঘৰলৈ যোৱা বৌ লৈ ফোনটো মনে মনে লগাই দাদাই কোৱা কথা খিনি বৌক শুনাই দিলোঁ।

বচ,তাৰ পিছৰ পৰা কি হৈছে নকওঁ য়ে আৰু।🤪

আজি থাৰ্তী(টী) ফাষ্ট যে বৌ দাদাই ভালকৈ পাতিব জনা আছে।😎😎🤪

শেষত সকলো লৈকে নতুন বৰ্ষৰ লগতে টুৱেন্টি টুৱেন্টি বৰ্ষৰ শুভেচ্ছা জনালোঁ।😎😎🥰🥰