লগৰ এটা ককায়েকলৈ ওচৰৰ গাঁও এখনতে ছোৱালী এজনী চাবলৈ যোৱা কথা।
লগৰটোৱে মোক কোৱাত মইয়ো যাম বুলি কলোঁ;কিজানি খুলালি ছোৱালী আছেই বা...🤪।
আবেলি সময়ত লগৰটো ককায়েক,তেওঁৰ বন্ধুয়েক এজন আৰু মই গৈ ছোৱালী ঘৰ পালোঁগৈ।
কথা-বতৰা পতা হ'ল।
তাৰ পিছত গোটেই ঠাণ্ডা পৰিৱেশ।
ঔ চি কটা,ছোৱালী চাবলৈ গৈ ইমান ঠাণ্ডা পৰিৱেশ হলেও ভাল নালাগে দিয়কচোন।
মোৰ আকৌ লাজ টো আগৰ পৰাই কম,সেইগতিকে হব লগা কন্যা কে মাতি অলপ লেক্সাৰ দিওঁ বুলি ভাবোঁতে বুঢ়ী এগৰাকী ভিতৰলৈ সোমাই আহিল।
বুঢ়ীক আমাৰ সন্মুখতে বহিবলৈ দি ছোৱালী বাপেকে কলে......
"এইয়া আমাৰ বৰমা হয় দে।"
আমাৰ ৰাইজে হাঁহি এটা মাৰি মূৰ জোকাৰিলে।
ছোৱালী বাপেক - আমাৰ আইতাই পিছে মানুহৰ চেহেৰা চাই য়ে তেওঁ সকলো কথা কব পাৰে।
বুঢ়ীয়ে তেতিয়া হাঁহি এটা মাৰিলে।
মইয়ো উপায় পাই গলোঁ...😌।
ছোৱালী বাপেকে আৰু কিবা কবলৈ লোৱা আগতে মই বুঢ়ীক বন্ধু ককায়েকৰ লগৰ জনক দেখুৱাই সুধিলোঁ.....
মই - আইতা,এওঁ কোন চিনি পাইছে নে...?
বুঢ়ী - পাইছোঁ টো চিনি।
বলীনৰ ডাঙৰ পুতেক।
ইয়াক টো মই সৰুৰে পৰা চিনি পাওঁ।
সৰুতে গোটেইটো একেবাৰে শকত আবত নোদোকা আছিল।
বুঢ়ীয়ে কথা কেইটা সঁচা কোৱা দেখি বেটা অলপ ফুলি গ'ল।
বুঢ়ী - কিন্তু ই ডাঙৰ হোৱাৰ পৰা বহুত সলনি হ'ল।
বহুত মিছা কথা কবলৈ শিকিলে।
ই নিজৰ পত্নীকো মিছা কথা কবলৈ ললে।
কলে মিছা কৈছোঁ বুলি ভাবিব;ইয়াৰ মানুহ জনীও কম নহয়।
মৰতীজনী বহুত কেইটা ডেকা লৰা লগত হলি গলি।
ডাঙৰ ফোন এটা লৈ সদায় কথা পাতে।
খালি কোন লৰা লগত কথা পাতে ই গম হে পোৱা নাই।
তাকে লৈ ইয়াৰ ঘৰত সদায় কাজিয়া।
ঔ চি কটা,মৰতী বুঢ়ীয়ে কোৱা প্ৰতিটো কথাই সঁচা।😳🤪
বেটাই লাজ পালে নাই নাজানো;মই হলে ছোৱালী ঘৰৰ মানুহৰ আগত লাজ অকণ পালোঁ।🙈
মই বুঢ়ীক একো নোসোধোই ভাল বুলি ভাবোঁতে ছোৱালী বাপেকে বুঢ়ীক দৰাক দেখুৱাই সুধিলে.....
বাপেক - পিছে এওঁক চিনি পাইছে নে....?
বুঢ়ী - নাপাম কিয়...?
তোৰ ছোৱালী জনীক চাবলৈ অহা দৰাটো নহয় জানো..!
ঘৰৰ লৰা দুটা,লৰাৰ ভাল চাকৰি এটাও আছে।
ই ঘৰৰ ডাঙৰ লৰা।
মই - হয় হয় আইতা।
বুঢ়ী - ই সৰুতে বৰ খটাখুৰ আছিল।
এতিয়া সেইবোৰ গুণ নাই।
মদ পানী,ভাং-বিড়ি একো নাখায়।
মই ছোৱালী বাপেক-মাকলৈ চাই কলোঁ.....
মই - কৈছিলোঁ নহয়,আমাৰ লৰাক না কৰিবলগীয়া একো গুণেই নাই।
বেয়া বস্তু একো নাখায়।
এনেকুৱা লৰা এটা ভাগ্য বলত হে পাই।
মই কওঁতে বিশ্বাস হোৱা নাছিল যদিও এতিয়াটো আইতাই কোৱাত আপোনালোকৰ লৰা স্বভাৱ-চৰিত্ৰ কেনেকুৱা গম পালেই।😍🥰
তেনেতে বুঢ়ী য়ে আকৌ ৰিপিট কৰিলে......
বুঢ়ী - ইমান খিনি ভাল গুণ থকা পিছতো ইযাৰ বৰ বেয়া গুণ এটা আছে।
ই আজিলৈকে তিনিজনী মান ছোৱালী ভাল পাই ঠগিছে।
মিছা কৈছোঁ যদি কাণ কাটি দিবি,ই এতিয়াও এজনী বোৱাৰী লগত ই বেটাই কথা পাতে।
সেইজনী বেলেগ কোনো নহয় ইয়াৰ লগতে অহা সেই বন্ধুৰ পত্নী।
ঔ চি কটা।
এই জহনী মৰাটোক মই ভাল লৰা বুলি ভাবিছিলোঁ কিন্তু ই চোন কিবা হে ওলাল।😡😡
কম লাজ পাইছোঁ নি,বুঢ়ীয়ে টো চাগে মিছা কব নে আৰু।
মাৰ খাবলৈ ৰৈ থাকিব পাৰি নি,মই পিৰিকৈ ওলাই ফুটি হে দিলোঁ।🙄
আজি শুনিছোঁ লগৰটো ককায়েক আৰু লগৰ জনৰ মাজত কালি অহাৰ পৰাই ভাওনা চলি আছে।🙄🙄
এই হাত ছাত মই হলে দেখাই(দেখুৱাই) পোৱা নাই।
বুঢ়ী জনীয়ে কালি যেনেকৈ কলে সেইবাবে ৰাতিপুৱাই গাটো ধুই গৈ বুঢ়ী ঘৰ পালোঁগৈ।
বুঢ়ীয়ে কিয় আহিছোঁ সোধাত তামোল পাণৰ লগতে অৰিহণা টো আগবঢ়াই কলোঁ....
মই - আইতা,আপুনি চোন চেহেৰা চাই য়ে মানুহৰ বিষয়ে কব পাৰে,মোৰ গাত নো ক'ত শনি লাগি আছে চাই দিয়ক চোন......;"লগতে হব লগা শহুৰ ঘৰ খন মানে ছোৱালী জনী নো কোন ঠাই হব কওঁকচোন....😌😌,নহলে বিয়া কথা ৰাইজে সুধিলে লাজ পাওঁ যে...।
বুঢ়ী - ঠেত মই সেইবোৰ হাত মুখ নাচাওঁ নহয়।
তোক কোনে কলে....?
মই - কিয়,কালি চোন আপুনি দাদা দুজনৰ কথা কৈছিল।
তাতে ছোৱালী জনী বাপেক কেও.....🙄🙄।
বুঢ়ী - গাঁৱৰ মানুহে যে মোক মংগল চাওঁ বুলি য়ে ভাবে।
তেনেকুৱা একো কথা নাই।
আমাৰ ঘৰতে গেলামালৰ দোকান এখন আছে।
তইটো জান য়ে বোপাই গেলামালৰ দোকানত গোট খোৱা দুনীয়া খনৰ মানুহে অকল লোকৰ ঘৰৰ গাঁৱৰ কথাই আলোচনা কৰি ফুৰে।
মোৰ লৰাটোৱে দোকানত সেইবোৰ কে শুনি ঘৰত কৈ গে আকৌ।
মই কাৰোবাক কলে তাকে মানুহবোৰে মোক সৰবজান বুলি য়ে ভাবি ললে।🙄
মই - তেতিয়া হলে কালি লৰা দুটা কথা ও মানে....?
বুঢ়ী - ঔ সেইদুটা লৰা কথা সেইদিনা আমাৰ দোকানতে ওচৰৰ লৰা দুটাই আলোচনা কৰি আছিল।
মই দোকানত থাকোঁতে আহিন লগা দৰা টো আৰু লগত অহা লৰাটো ফটো খন ইটোৱে সিটোক দেখাওঁতে দেখিলো বাবে কালি দুইটাকে চিনি পালোঁ আকৌ।
তাৰ মানে বুঢ়ী জনী দগাবাজ।
মিছা মিছি বুঢ়ীক সেৱা কৰা নামত ১০১ টকা গ'ল।🙄

0 Comments