#বিবাহ

ৰাতিপুৱাই বিচনাত মাকৰ বকনি শুনিয়েই নিলপৱন উঠি আহিল ...  নিলপৱন দশম মান শ্ৰেণীলৈকে পঢ়িয়েই পঢ়া সামৰিল, এতিয়া গাৱৰ চুকে-চুকে কেমবৰ্ড বা আন যিকোনো আড্ডা মাৰি ঘূৰি ফূৰে । তাৰ লগৰে ৰিতুপন অৰুণাচলত কিবা কোম্পানীৰ কাম কৰি আছে সেয়ে তাৰ কথা কৈয়ে গালি পাৰি থাকে ।

এইবাৰ ৰিতুপন ঘৰলৈ আহোঁতে তাৰ লগত নিলপৱনো অৰুণাচল গ'ল ।
তাত সি থাকি ভাল পোৱা নাই, অচিনাকি ঠাই ওলাই যাওঁ বুলি যাব নোৱাৰে , কামো পোৱা নাই । এদিন সি লগৰটোৰ ৰুমত থাকোতে তাৰ ৰুমত পানী দিয়াৰ পইচা নিব পানীঅলাৰ জীয়েক জনী আহিল । তাইৰ লগতে সি কথা পাতিল , তাই অসমীয়া সলসলীয়াকৈ ক'ব পাৰে সেয়ে তাইৰ লগত কথা পাতি সি ভাল পালে । সন্ধিয়া ৰিতুপন অহাত তাক তাইৰ কথা ক'লে কিন্তু পানীৰ পইচা যে সি দিলে ক'বলৈ পাহৰিল । ৰিতুপনে তাক পিছদিনা সি কাম কৰা ঠাইলৈ মাতিছে বুলি ক'লে আৰু তাৰ বাবে একেলগে কাম কৰিব পোৱাৰ বাবে নিলপৱনৰ ভাল লাগিল।
কামলৈ অহা-যোৱাৰ মাজেৰে কিছুদিন যোৱাৰ পিছত এদিন সন্ধিয়া সি ৰিতুপনৰ লগত ওলাই যাওঁতে সেই পানীঅলাৰ জীয়েক আছিংফাক লগ পালে , তাই দোকানৰ পৰা আহি আছিলে তাইৰ লগত দুৱাষাৰ পাতিলে আৰু তাইক ৰিতুপনে ক'লে যে কাইলৈ দেওবাৰ সেয়ে সিহঁত ফ্ৰি আছিল যদি তাই বেয়া নাপায় সিহঁতক অলপ ঠাই চিনাকি কৰি দিয়ে যেন , তাইয়ো মান্তি হ'ল । সেয়াই আছিল আৰম্ভণি ....
নিলপৱন আৰু আছিংফাৰ প্ৰেমৰ সম্পৰ্কই শেষ পৰ্যায় অতিক্ৰম কৰিলে ।
কেইদিনমানৰ বাবে সিহঁত ঘৰলৈ আহি পুনৰ অৰুণাচল গ'লগৈ । মাকৰ আগত আছিংফাৰ কথা কৈ গ'ল । মাক কিন্তু ৰাজি নহ'ল মাকে নাগিনী ছোৱালী বিয়া পাতিলে ঘৰলৈ নাহিবি বুলি ক'লে । সি ঘূৰি গৈ তাইক লগ নকৰা হ'ল , তাইৰ পৰা আতৰি ফুৰিব ল'লে কিন্তু তাইৰ কথা ওচৰৰ বোৰে গ'ম পাই এদিন দেওবাৰ এটাত তাইক লৈ সি থকা ৰুমত থৈ সকিয়নি দি গ'ল কিবা গণ্ডগোল হ'লে সি জীয়াই নাথাকিব । তাল এবোৰ কথাত ৰিতুপনে ভয় খালে আৰু সিহঁত দুটা থকা ঘৰটোত তাইয়ে সৈতে থকাৰ অসুবিধা হ'ব বুলি কৈ তাক আফিংছাক লৈ ঘৰলৈ ঘূৰি যোৱাৰ কথা ক'লে । সি সেই মতে আছিংফাক লৈ ঘৰ ওলালহি ।
সিহত গাড়ীৰ পৰা নমাৰ লগে লগে বুকুত মেথনি মৰা বস্ত্ৰ পৰিধান কৰা আছিংফাক দেখি গাৱৰ মানুহে ঘূৰি ঘূৰি চালে । ঘৰ সোমোৱাৰ লগে লগে মাকে হুলস্থুল লগালে তথাপিও মানুহে বুজোৱাত তাহাতক ঘৰতে থাকিব দিলে কিয়নো তেতিয়া আছিংফা ৮ মাহৰ গৰ্ভৱতী আছিল ।
মানুহে সিহতৰ বিয়াৰ নিয়ম কৰি দি সেন্দুৰ পিন্ধালে আৰু তাইক চাদৰ-মেখেলা পিন্ধাব শিকাই দিলে ।
ছোৱালী জনী হোৱাৰ ডেৰ বছৰ হ'ল কোনোদিন শাহুৰ মৰম আদায় কৰিব তাই নোৱাৰিল । এদিন তাইক বিচাৰি বিচাৰি তাইৰ ঘৰৰ মানুহ আহিল ঠিকনা ৰিতুপনৰ পৰাই পালে সেয়ে তাইৰ ঘৰ উলিওৱাত সহজ হ'ল । মাক-বাপেকৰ লগত এবাৰ ঘৰলৈ যাওঁ বুলি আছিংফা যি গ'লেই , অৱশ্যে শাহুয়েকে ছোৱালীজনীক মৰম কৰিছিল সেয়ে আছিংফাই সোনকালেই আহিম কৈ ছোৱালী জনীক লগত নিনিলে ।
আছিংফা ঘূৰি নহাৰ দুখত নিলপৱন ভাঙি গ'ল । তাৰ স্বাস্থ্য ও বেয়া হ'বলৈ ল'লে । ককাক আইতাকে তাৰ ছোৱালী জনীৰ সাৰথি দৰেই হ'ল । নিলপৱন কুকুৰীকণা , সন্ধিয়া প্ৰায় চাইকেল লৈ গ'ল সি যতে ত'তে পৰি ফুৰা হ'ল ।
১৫ বছৰ হ'ল
এতিয়া নিলপৱন সুস্থ , হাজিৰা কামো কৰে আজিকালি , যি ঘৰত হাজিৰা কৰে সেইঘৰৰ ছোৱালী জনী বিয়া দিছিল গিৰীয়েকটোৱে মদ খায় বাবে ছোৱালী জনী ঘূৰি আহিল সেয়ে কালি সি তাইক নিজৰ কৰি লৈ আহিল ।
আজি সন্ধিয়া তাৰ জীয়েক জনী পলাই গ'ল  । তাইৰ মেট্ৰিক পৰীক্ষা কালি শেষ হৈছেহে মাথোঁ । জীয়েক গ'ল গ'ল খবৰ নাই । বৰ মৰমত আইতাকে ডাঙৰ কৰিল কিন্তু আইতাকেও যোৱাৰ বাবে বেয়া নাপালে সেয়ে ১৫ বছৰ বয়সতে সেওতাত ১৫ বছৰীয়া লগৰে বন্ধুৰ পৰা তেওঁৰ নাম সেন্দুৰ পিন্ধিলে ।

তাইৰ ভুল কৰিছে তাই জানে কিন্তু তাইৰ বাবে হয়টো সেইটোৱেই সঠিক আছিল । দেউতাকৰ পৰা ভাল মাত , আদৰ নাপোৱাকৈ ১৫ বছৰত ভৰি দিলে আকৌ কালি দেউতাকে বিয়া পাতিল তাইৰ ঘৃণ হৈছিল মনত । আইতাকে বহুত কৰিলে সেয়ে আইতাকলৈ বেয়া লাগে তাইৰ , দেৰ বছৰ বয়সৰ পলা আইতাকে ডাঙৰ কৰিল সেইবুলি আইতাকে তাইক সদায় মাৰপিত কৰাৰ দৰকাৰো নাছিল ।
তাই লগৰে আবিৰক ভালপায় , ভালপোৱাৰ ঠিকনা নাই সেয়ে কোনে পাৰে বাধা দি ৰাখিব । আবিৰেও তাইক ভালপায় এইয়া কম বয়সৰ ভালপোৱা ইয়াত বাধাৰ কথাই নাহে মাথোঁ হাবিয়াস আৰু সপোন নগৰী থাকে । সিহঁতৰ ভালপোৱাৰ কথা আইতাকে গ'ম পাই তাইক প্ৰায়ে মাৰে , তাতে গাৱৰ মানুহে খুচা-বিন্ধা কৰি থাকে , এদিন ওচৰৰ মানুহ এজনীয়ে কৈ থাকোতে তাই বোলে নিজেই শুনিছিল
-: ইমান সৰুৰ পৰা ডাঙৰ কৰিলা তাই এতিয়া তোমাৰ কথা নুশুনিলে নহ'ব নহয় , মৰমৰ প্ৰতিদান এয়াই দিছে তাই , মই হোৱা হ'লে মৰিয়াই মৰিয়াই ঠেং ভাঙি দিলোঁ হয় ।

 আইতাকক সেই কথাবোৰে অতিষ্ঠ কৰিছিল তাতে পুতেকৰ কথা মানে নাতিনীয়েক অনুতৃষ্ণা ৰ বাপেকৰ কথা লিলিমাই  কৰি ফুৰিছে আকৌ এজনীৰ লগত  বুলি  শুনাৰ পৰা সকলো খং তাইৰ ওপৰতে উঠায় । এদিন খঙৰ ভমকত এই বোজা বোৰ এৰি গ'ল শব্দই তাইক বহুত কন্দুৱাইছিল সেয়ে তাই মৰিযাম ভাবিছিল কিন্তু সচা ভালপোৱাই জানো মৰিব দিব পাৰে সেয়ে  কালি বাপেকে বিয়া পাতিল শুনি আজি তাই গুচি গ'ল আবিৰৰ লগত ।

আজি আবিৰ আৰু অনুতৃষ্ণাৰ ফুলশয্যাৰ নিশা । কোমলীয়া মন দুৰ্বাৰ হেপাঁহ । কোনে জানে কাৰ বিবাহ কেনেকৈ লিখা থাকে ।
জোনাকী নিশাৰ জোনটো ডাৱৰৰ মাজত এবাৰ ওলাইছে এবাৰ সোমাইছে । তিৰবিৰ তৰাৰ জকমণিত দুবৰিৰ পাতত নিয়ৰ নামিছে ।

অনুতৃষ্ণাই আইতাকৰ ঘৰত আহিল তাইৰ হৈ শহৰেক-শাহুয়েকেই ক্ষমা খুজিছিল , তাই এতিয়া সুখী ।  দুয়োটাই হাইয়াৰচেকেণ্ডেৰীত নাম লগাইছে ........

দুখৰ মাজতো আহে সুখ
কান্দোনৰ মাজতো যদি
পাৰা হাহিবলৈ
পাৰিবা তুমি জীৱন নাটত
সফল অভিনয় কৰিবলৈ
জন্ম, মৃত্যু, বিবাহ
বিধিৰ বিধান
নোৱাৰে কোনেও খন্দাবলৈ
তুমি মই টো মাথোঁ
এই ধুনীয়া পৃথিৱীৰ
দুদিনীয়া আলহী
গতিকে সাধাৰণ কথাতে
নিজৰ মানুহকে
নকৰিবা আলৈ-আথানি
নহ'লে তুমি কৰা ভুলে
কৰিব পাৰে হাজাৰটা
জীৱন ধ্বংস
পিছতহে পাবা তুমি
শাস্তি তোমাৰ কৰ্মৰ ।

( বোৱাৰী জনী কি কাষ্টৰ আছিল  সেটো নাচাই যদি তাইক আদৰ মৰমে আদৰি লৈ অন্ততঃ  এষাৰ ভাল মাত দিয়া হ'লে এনে নহয় । পুতেকে আকৌ বিয়া নাপাতে , নাতিনী জনী হয়টো পলাই নাযায় । )

লেখা:-  Chandrika Borkotoky