#বাৰে_বাৰে_নোকোৱাকৈয়ে_ভালপাওঁ#

   চাৰিটা মিচকল।মোবাইলটো চাবলৈ লৈ ৰত্নাই দেখে উৎপলে ফোন কৰিছিল।তাই যে মোবাইলটো চাইলেন্ট কৰি থৈছিল পাহৰিলেই।সেয়ে সি ফোন কৰা গম নাপালে ।এস ! কিয়নো মোবাইলটো চাইলেন্ট কৰি থৈছিল । সি বাৰু কি ভাবিছে।ভাবিছে নেকি বাৰু তাই অভিমান কৰিছে বুলি । নাই নাই নাভাৱে ,,মই অভিমান কৰিছো বুলি সি ভবা হেতেঁন অতদিনে ফোন এটা নকৰাকৈ নাথাকিল হেতেঁন ।মই যেনেবা তালৈ ফোন নকৰিলোৱে সিটো ফোন কৰি খবৰ এটা ল'ব পাৰে।মনতে ভোৰভোৰাই ৰত্নাই উৎপলৈ ফোন লগালে,,,আপুনি কল কৰা নাম্বাৰটো বর্তমান  চুইছ অফ হৈআছে,,,,,,,,

    ছেহ! কিয় বাৰু ছাইলেন্ট কৰি থৈছিলো মোবাইলটো।কিয় বা ফোন কৰিছিল মোলৈ,,,আজি বহুদিনৰ মূৰত ,, ,,কিবা হয়তো প্রয়োজনত ফোন কৰিছিল নেকি বাৰু।।তাইয়ো তালৈ ফোন নকৰা বহুদিন হ'ল।তাই তালৈ ফোন কৰিব পাৰে কিন্ত নকৰে আচলতে তাইয়েটো তাৰ পৰা আঁতৰি আহিছে।তাইক যেতিয়া সি  ছোৱালী এজনী ভাল পাও বুলি কৈছিল ।তেতিয়াৰ পৰা তাই তালৈ ফোন কৰিব এৰিছিল। কিবা প্রয়োজনীয় কথা কব লগা থাকিলে ফোন কৰে ,,নহলে নকৰে ,,আৰু তালৈ ফোন কৰিলে তাই বিজি পায় ,,তাইৰ তেতিয়া মনত দুখ পায়।
     
      মোৰ খংটো পটকৈ উঠে।আৰু খং উঠিলে ৰক্ষা নাই মুখেদি যে কি কথা উলাই আহে ঠিক নাই ।অতীতৰ ঘটনাৰ পৰা বর্তমান ঘটি যোৱা সকলোবোৰ ওলাই আহে।অবশ্যে পিছত হাঁহি নুঠা নহয়।সেয়ে বেলেগে বাদেই মাহঁতে ও নুজুকাই মোক।সৰু সৰু কথাতে খুদ ধৰো যে ,,,।মোবাইলট খটককৈ মেছেজ অহাৰ শব্দ হ'ল। সি মোবাইলটো অন কৰা নটিফিকেচন।ফোনটো আকৌ লগাবলৈ লওঁতেই ঘৰৰ চোতালত বাইকৰ শব্দ,,।।কি আপদে পালে অ'।ফোনটো কৰিবলৈও শান্তি নাই।আহিল ছাগে কোনোবা আলহী ।দুপৰীয়া সময়খিনিত বাৰু কোনোবা আহিব লাগে নেকি ,তাকো মাজনীও নাই।

     মাকৰৰ গোটৰ মিটিং আছে।দে'তাক বাৰীতে কাম কৰি আছে,,,।দেউতাক এখোপ চ'ৰা আলহী আহিলে।আলহী বহিব নাপাইয়ে,,,চাহ আন, তামোলৰ বটাটো আন,,,জা জলপান,,,উহ!!!।কিযে কৰো এতিয়া,,,,,,,,,,।তাইৰ  খংটো একেবাৰে মুৰত উঠিল।
 
      দুপৰীয়া সময়খিনিক তাই ভাল পায়।নিজান হৈ থাকে চৌদিশ।আৰু সেইখিনি সময়তে তাই চোতালত পাৰকেইটাক চাউল থিয়ে।পাৰকেইটাৰ লগতে ক'ৰবাৰ পৰা শালিকী দুটাও আহে ।মনটো ভাল লাগি যায় তাইৰ।পাছফালৰ চোতালৰ আমলখি জোপাৰ তলত বতাহ বলে।তাৰ তলতে চকী দুখন নি এখনত বহি ইখনত ভৰি উঠাই আৰামেৰে বহি তাই উপন্যাস পঢ়ে।তাই পঢ়াৰ টেবুল কিতাপেৰে ভৰি আছে।ৰীতা চৌধৰী,মামনি ৰয়চম গোস্বামী,নিৰোপমা চৌধৰী তাইৰ প্রিয় উপন্যাসিকা।

    তাইৰ ভাইটি এটাৰ পৰা আনি থোৱা কাঞ্চন বৰুৱাৰ "অসীমত যাৰ হেৰাল সীমা",, ,,,,,"হৈছে হৈছে মোলৈ যে তোমাৰ ঢেৰ মৰম বুজা আছে......মাথোঁ প্রয়োজনৰ সময়তহে তাক তাক মনত পৰে...."(চম্পাৰ নীৰস নিলিপ্ত কন্ঠ) ।  ৰত্নাও যে এজনী চম্পা,,,চম্পাৰ দৰে তাইয়ো গোপনে ভাল পায় উৎপলক।চম্পাৰ দৰে তাইয়ো নিৰৱে সহ্য কৰে উৎপলে আন এজনী ছোৱালীক ভালপোৱাটো।আৰু হৃদয়ৰ কস্টখিনিক লুকুৱাব জানে কাকো নোকোৱাকৈ।
 
    উপন্যাসখন আধাপঢ়া হৈ আছে বাবে আজি দুপৰীয়া পঢ়িম বুলি ভাবিছিল। আজৰি হম বুলি ভাবিও এইয়া হৈছে। ,,তাতে উৎপলৰ ফোন এ তাইক ব্যতিবস্ত কৰি তুলিছে।

   খৰখেদাকৈ তাই বাহিৰলৈ  ও্লাই আহিল ।
   তাই চক খাই গ'ল।,,আৰে উৎপল,,,তুমি।
একো মাতবোল নকৰাকৈ সি ড্রয়িং ৰুমলৈ সোমাই আহিল। মুৰটো তললে কৰি হাত দুখনেৰে মুখখন ঢাকি ধৰিলে,,
,:কি হ'ল ,,উৎপল,,,এনেকুৱা কৰিছ' যে নক ৱ কিয়। কি হৈছে তোৰ,,,চাও হাতখন আতৰা,,,কি হৈছে নকৱ কিয়,,,
সি ফেকুৰিছে মাথোঁ।
আৰে,,,ল'ৰাই কান্দে নেকি,,ক'ছোন কি হৈছে মই আছো নহয় তোৰ লগত।মই তাৰ মুৰটো ডাঙি হাত দুখন আতৰাই চকুপানীবোৰ মছি দিলো।মোৰ সহ্য হোৱা নাছিল সি কন্দাটো ,,।সি আগতকৈ খিনাইছিল,,চকুৰ গুৰিবোৰ ক'লা হৈছিল ,,,,
ঃতাই মোক এৰি দিলে জান' ,,আন কাৰোবাক ভাল পাই,,একো কাৰণ নোহোৱাকৈ তাই মোৰ পৰা আঁতৰি গ'ল।তাইৰ বিয়া ঠিক হৈছে,,বুলি কৈ আকৌ উচুপিলে।

            ভালপোৱাসকলে হে জানে হৃদয়ৰ কস্ট,,আপোনজনে এৰি গ'লে কেনেকুৱা লাগে।সেই সময়ত মনলৈ মাথোঁ এটায়ে চিন্তা আহে যেন তেওঁ আপোনজনৰ বাবেহে জীয়াই আছে ।মানে জীৱনটো কেৱল আপোনজনৰ বাবে।ভালপোৱা,,আপোনজন মাতষাৰ ,,তেওৰ ছবিখন এবাৰ নাছালে বা এবাৰ তেওৰ মাতটো নুশুনিলে যেন উশাহ ল'ব কস্ট হয়।ভাবিবলৈ গ'লে কথাবোৰ ইমানো অমুলকো নহয়। ক'বলৈ সহজ ত ইয়ো তাক এৰি দে তাই এৰি দিছে যদি,,,সচাঁ ভালপোৱাজনৰ মনটোৱে নামানে ,,,।

        তাই তাক ওচৰলৈ চপাই আনিলে,,মই আছোঁ নহয় তোৰ ওচৰত,,,তাই তাক কি বুজাব ভাৱি পোৱা নাই।,তাইয়ো টো কস্ট পাইছিল এবছৰ আগতে যেতিয়া সি আনৰ হৈ গৈছিল।আনক মৰম কৰিছিল,,,আনকি তাইক পাহৰিও গৈছিল,,তাই লগত থকা মধুৰ বন্ধুত্বকো পাহৰি পেলাইছিল প্রেমিকাক পাই,,এবাৰ বাৰু ভাবিছিল নে তাইৰ কথা ,,,অৱশ্যে তাইয়ো সমানেই আঁতৰি আহিছিল তাৰ পৰা ,বাহ্যিক ভাৱে ,,আভ্যন্তৰত প্রত্যেকদিনেই মনত পেলাই তালৈ,,প্রত্যেকদিনাই তাৰ প্রতি ভালপোৱা বাঢ়ে,,আৰু সেই ভালপোৱাই কস্ট দিয়ে গভীৰ নিশাবোৰত।তাই তেতিয়া কবিতা লিখে ,,পেনপেনীয়া প্রেম বিষাদৰ কবিতা।

     কলেজ জীৱনত লগ পোৱা প্রথম বন্ধু সি।সি সিহঁতৰ ঘৰৰ ৰাস্তাদি যাই বাবে তাইকো লগত লৈ যায় কলেজলৈ।একেলগে অহা যোৱা কৰে সিহঁত দুটা ।সিহঁতৰ চাৰিজনীয়া ল'ৰাৰ গেংটোত তাই আৰু লগৰ চুইকি থাকে। একেখন বেঞ্চতে সিহঁত দুটা বহে।চেমিনাৰ প্রজেক্ট সব একেলগে কৰে।কলেজ এৰাৰ পিছত সিও আতৰিছিল তাইৰ ওচৰৰ পৰা ।তাই সি গম নোপোৱাকৈ তুলি ৰখা ফটোবোৰ,,সযতনে থৈছে।আৰু তাক  হৃদয়তো থৈছে আলফুলে। সেয়ে সি কস্ট পোৱাটো নিবিচাৰে তাই।তাই তাৰ বাবে  কস্ট পাওক।কিন্ত সি আনৰ বাবে কস্ট পাব নোৱাৰে,,,তাই তাৰ মূৰত লাহে লাহে হাত ফুৰাই দিলে।

     ৰত্নাই  গম নোপোৱাকে মনৰ কথাবোৰ কৈ দিলে,,,
"মই জানো তই বহুত কস্ট পাইছ,,কিন্ত মইয়ো টো সেই একেই কস্ট ই ইমানদিনে পাই আহিছো।"
: তই কিয় কস্ট পালি ৰত্না ,,তইতো মোক তোৰ ভালপোৱা বিষয়ে আজিলৈকে একো নকলি,,,কোন নো,,কোনে তোক কস্ট দিলে,,,,
 সি যেন কলেজীয়া বন্ধুটো হৈ পৰিল।অলপ আগতে যেন সি মন বেয়া  কৰা নাছিল,,ৰত্না কোলাত যেন শুবহে বিচাৰিছিল।
 :ক আকৌ,,,কোন,,,সেইজন।
:নোৱাৰো অ'ক'ব,,,ক'ব নোৱাৰো বাবেই ইমানদিনেই কস্ট পালো।সিও টো বুজিব লাগে মোৰ ভালপোৱাখিনি(এইবাৰ তাই হাঁহি ৰে ইংগিত দিলে)
:মই অধৈর্য হৈ গৈছো নকৱ কিয় অ'....
:প্রেমিকাই এৰি যোৱা জন,,,(উৎপলে তাইক ধৰিবলৈ খেদি যায়,,তাই হাঁহি হাঁহি আঁতৰি যায়)
:ৰ'হ তোক আজি নেৰিছো,,,,...।
         
          -------------
    লেখা:- পূৰৱী শইকীয়া