আমাৰ ভালপোৱাক কি নাম দিম?
-------------------------------------------
🧑অই শুনা আমি এবছৰ হবৰ দিনা মন্দিৰলৈ যাম দিয়া.... ভগৱানৰ আশীৰ্বাদ লৈ আহিম.. যাতে আমাৰ সম্পৰ্কটো সদায়েই ভালে থাকে
👩‍🦰মই যাব নোৱাৰোঁ। আমাৰ প্ৰথম anniversary দিনা কলেজ বন্ধ। ঘৰত মিছা মাতি যাব নোৱাৰিম.. ভয় লাগে
🧑ঘৰত নহলে কৈ দিয়া মোৰ কথা..
👩‍🦰আৰে পাগল হৈছা নেকি? তোমাৰ এতিয়া একো এটা নাই তাতেই আকৌ মই পঢ়ি আছোঁ। বিয়াৰ বয়স হোৱা নাই। এতিয়াই কবলৈ নোৱাৰিম।
🧑তুমি বিচৰা নাই যেতিয়া... হব দিয়া লগ নকৰোঁ। কিন্তু এটা কথা দিয়া আমি এদিন লগ কৰিম। ভালপোৱা দিনাৰে পৰাই দেখা - দেখি হোৱাৰ বাহিৰে লগ কৰিয়েই পোৱা নাই।
👩‍🦰বাৰু
🧑বাৰু নহয় এইবাৰ লগ কৰিবই লাগিব
                    এবছৰ কাজিয়া, অভিমান, মৰমেৰে জীৱনটো গৈ আছিল। কিন্তু, লাহে লাহে আমাৰ কাজিয়াবোৰ ডাঙৰ হবলৈ লৈছিল। কিন্তু, সি কেতিয়াওঁ এৰি যাব খুজা নাছিল, আৰু মই কাজিয়া হলে আঁতৰ হবলৈ বিছাৰিছিলো। সি প্ৰায়ে কৈছিল
🧑 তুমি মোক ভাল নোপোৱা নেকি? তোমাক অকণমান সময় খুজোঁ সেইখিনিওঁ দিব নোৱাৰা নে?.
👩‍🦰যিখিনি সময় লাগে দিছোঁ এ চোন
🧑কত সময় দিছাঁ। তোমাক এটা মেচেজ দি তোমাৰ ৰিপ্লাইৰ বাবে ১৫ - ২০ মিনিট ৰখিব লাগে।
👩‍🦰আৰে তুমিতো মোৰ লগতে থাকিবা ন... লগৰবিলাকৰ লগত কথা পাতি আছিলোঁ।
🧑কিমান ফাকি দিয়া অ"। তোমাৰ সকলো ভুল নিৰৱে মানি লওঁ। ভুলবোৰ নিজৰ হোৱা বুলি তোমাকে sorry কওঁ... তোমাৰ লগত কথা পাতিবলৈ পাগল হৈ থাকোঁ আৰু তুমি আনৰ লগত ব্যস্ত। এদিন - দুদিন থকাটো বেলেগ কথা,, কিন্তু সদায় সদায় তোমাৰ কি ইমান কথা থাকে অ"।
মোৰ খং নুঠাবা সোণ। মই তোমাক পাগলৰ দৰে ভাল পাওঁ... মোক অকলশৰীয়া নকৰিবা...
👩‍🦰উফ তোমাক কেতিয়াওঁ এৰি নাযাওঁ।
🧑মোৰ বাবে তোমাৰ লগৰবোৰক ইগনোৰ কৰিব নোৱাৰা নে??
👩‍🦰নোৱাৰোঁ
🧑মই তোমাৰ লগত কিমাননো সময় কথা পাতোঁ। দিনটো নিজৰ কামতে ব্যস্ত থাকিওঁ তুমি কিবা খালা নে নাই,, কি কৰিছা ইটোৰ পিছত সিটো খবৰ লৈ থাকোঁ। কিন্তু, তুমি এদিনো মোক নিজে খবৰ নোলোৱা। তাৰপিছত গধূলি অলপ সময় খুজোঁ,, নোৱাৰা নে??
👩‍🦰বাদ দিয়া সেইবোৰ মোলৈ লৰা আহিছে
🧑ধেমালি নকৰিবা
👩‍🦰নাই কৰা সচা।। বহুত ধনী মানুহ। খুব সুখত থাকিব পাৰিম। একদম মই বিচৰা ধৰণে লৰা। তোমাৰতো একোৱে নাই....
🧑আজি নাই কাইলৈ হৈ যাব কিবা এটা।
আৰু মই তোমাক আনৰ হবলৈ নিদিওঁ। বিয়া ভাঙি থৈ আহিম বাপ্পেকে।
👩‍🦰ইমান সাহস
🧑তোমাক পাবৰ বাবে সকলো কৰিব পাৰিম
👩‍🦰কি কৰিব পাৰিবা
🧑মৰিবও পাৰিম আৰু মাৰিবও
👩‍🦰বাপৰে
 🧑কালি তুমি টিউচনলৈ আহোঁতে লগ কৰিম
👩‍🦰অকে
                   প্ৰথম প্ৰথম লগ কৰিম,, কিন্তু অকলে লগ কৰিবলৈ ভয় হোৱা হেতুকে এজনী বান্ধৱী লগত লৈ গলো। সি ৰেষ্টোৰেণ্ট খনত মোলৈ অপেক্ষা কৰি আছিল। প্ৰথম প্ৰথম লগ কৰিবৰ দিনা তাৰ খুবেই ভাল লাগিছিল, কিন্তু সেইদিনটোৰ পৰা নামি আহিছিল সন্দেহবোৰ। সি প্ৰথমে মোৰ মোবাইলতো চাবলৈ খুজিলে। লকটো খুলি দিয়াৰ পিছত সকলোবোৰ চেক কৰিবলৈ ধৰিলে। মোৰ বহুত খং উঠিছিল আৰু তাৰ পৰা উঠি গুছি আহিবলৈ লৈছোঁ কিন্তু সি জোৰকৈ ৰখালে। মোৰ মোবাইলত সকলোৰে মেচেজ চালে, সি খুব গালি দিলে মোক
🧑তুমি মোক সময় দিব নোৱাৰাৰ এইবোৰ কাৰণ.... ইমানবোৰ লৰাক মেচেজ কৰি থাকা 😭
মই তোমাক একো কবও নোৱাৰোঁ কাৰণ মই তোমাক বহুত ভাল পাওঁ। এইবোৰ ভাল লৰা নহয়, এইবোৰ লৰাৰ পৰা আঁতৰত থাকা
👩‍🦰মোৰ জীৱন... মই যাকে মেচেজ নকৰোঁ তোমাৰ কি হল
🧑মোৰ ভয় হয়... তোমাক কোনোবাই ফচাই দিলে। আৰু তোমাক এইবোৰ লৰাই ভাল পাবলৈ খুজিছে তথাপিওঁ মেচেজ কৰি কিয় থাকা?? ইহঁতবোৰে সুযোগ পায় কোমল মনৰ ছোৱালীবোৰৰ লগত খেলিবলৈ... সোণ মোৰ বাবে ইহঁতবোৰক মেচেজ নকৰিবা আজিৰ পৰা
👩‍🦰তুমি মোক ভালপাবলৈ নালাগে,, মই মেচেজ নকৰাকৈ থাকিব নোৱাৰোঁ।
🧑হব দিয়া তেন্তে আজিৰ পৰা আৰু তোমাৰ লগত একো নাই
                 এনেকৈয়ে কাজিয়া হৈ ১৫ - ২০ দিন মেচেজ ফোন নোহোৱাকৈ দিনবোৰ গৈ থাকে। সি বৰকৈ কান্দে। শেষত পুনৰাই সি চৰি কৈ সকলো থিক কৰি পেলায়। কেতিয়াবা কেতিয়াবা আকৌ মোক ভাল পাব বিচৰা সিহঁতক মেচেজ কৰি মোৰ পৰা আঁতৰত থাকিব দিয়ে আৰু মোৰ খং উঠি যা - তা কোৱাৰ পিছতো সি মোক এৰি নাযায় কিন্তু মই কথাই প্ৰতি তাৰ পৰা আতঁৰত আহিবলৈ চেষ্টা কৰোঁ।
         প্ৰায় ডেৰ বছৰ মান পিছত আমাৰ ঘৰৰ মানুহে সকলোবোৰ গম পালে, আৰু বহুত গালি শপনি দিলে। আৰু তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিলে। নহলে তাক হেনো মাৰি পেলাব। সেই ভয়তে তাৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিলোঁ,, কিন্তু সি প্ৰতিটো দিনে মোক মেচেজ ফোন কৰে আৰু মই বাৰে বাৰে তাক ইগনোৰ কৰি থাকোঁ। লগৰ দুজনী মানে কৈছিল সি হেনোঁ পাগলৰ নিচিনা হৈছিল। কান্দি কান্দি একো নোখোৱা হৈছিল। কাৰোৰে প্ৰতি কথা বতৰা পতা নাছিল। সদায়েই মোলৈ অপেক্ষাত আছিল। এইবোৰ শুনাৰ পিছত মইওঁ কান্দিবলৈ বাধ্য হৈছিলো আৰু একবছৰ ব্ৰেক আপৰ পিছত আমি আকৌ ৰিলেশ্ব্যনত আহিলোঁ। তেতিয়াওঁ সি মোৰ কোনো পৰিৱৰ্তন নাপালে। মনতে বহুত আঘাট পাবলৈ ধৰিলে সি। মোক ভালপাবলৈ বিচৰা সকলক মই এৰিব নোৱাৰা বাবে সি অকলে অকলে থাকিবলৈ ধৰিলে। এদিন সি ফোন কৰি কলে
🧑সোণ মই তোমাক পাগলৰ দৰে ভালপাওঁ বাবে মোক ইমানকৈ আঘাত দিয়া নেকি? মই যে অকলশৰীয়া হৈ পৰিছোঁ তুমি জানোঁ খবৰ ৰাখিছা
👩‍🦰মই ধনী মানুহৰ লৰাক ভাল পাম
🧑সোণ তুমি বিচৰা মই তোমাক সকলোবোৰ আনি দিম। তুমি যিটো বিচৰা সেইটোৱেই কৰিম।
কেৱল এৰি নাযাবা মোক।
               চকলেট ভাল পাইছিলোঁ বাবে একেলগে ১০ - ১৫টা dairy milk দিছিল ।আকৌ কেতিয়াবা কেতিয়াবা কিবা খাবৰ মন গলে তাক কলে হল ঘৰৰ ওচৰলৈ লৈ আহে। ঘৰৰ পৰা একো নোখোৱাকৈ গলে কিবা নহয় কিবা কিনি দি আহে খাবলৈ। বহুত মৰম কৰিছিল। মোৰ প্ৰতিটো আশা পূৰণ কৰি গৈছিল কিন্তু মই কেতিয়াওঁ বুজি পোৱা নাছিলোঁ। এনেকৈ আমাৰ ৩টা বছৰ পাৰ হৈ গৈছিল। এদিন সি মোক কলে
🧑তোমাক কৈ কৈ এৰাবলৈ নোৱাৰিলোঁ তুমি মোক অলপ সময় দিয়া। যদি দিব নোৱাৰা মই আঁতৰি যাম। আৰু তুমি কান্দিব লাগিব মোৰ মৰমবোৰ মনত পেলায়
👩‍🦰এহ যা কিডাল মৰম দিছ
🧑তোমাৰ এই অহংকাৰৰ বাবে একো কৰিব নোৱাৰা।
👩‍🦰পাৰিম নে নোৱাৰিম সময়ত দেখাই দিম।
🧑আজিৰেই পৰাই মই তোমাক অশান্তি নিদিওঁ। এদিন তুমিয়েই মোৰ ওচৰলৈ উভতি আহিব লাগিব মোৰ মৰমবোৰ মনত পেলায়। আচলতে কি জানা মই তোমাক সময় নষ্ট কৰিবৰ বাবে ভাল পোৱা নাছিলোঁ। মই তোমাক নিজৰ কৰিবলৈ মন আছিল। কিন্তু তুমিতো নিবিচাৰা। আগৰ দৰে এইবাৰ তোমালৈ মনত পেলায় নাকান্দো এইবাৰ মই অপেক্ষাত ৰম।
                দিনবোৰ পাৰ হবলৈ ধৰিছিল। সি কোৱা কথাবোৰ আখৰে আখৰে ফলিবলৈ লৈছিল। তাৰ অনুপস্থিতিত তাৰ অভাৱ হবলৈ ধৰিলে। তাৰ মৰমবোৰ মনত পৰিবলৈ ললে। সি মোক আন লৰাৰ পৰা আতৰত ৰাখিব বিচাৰিছিল কিয়নো আন লৰাবোৰৰ মোৰ প্ৰতি চাৱনি ভাল নাছিল। এই সকলোবোৰ গম পোৱাৰ পিছত মোৰ অহংকাৰ নিজে নিজে নোহোৱা হবলৈ ধৰিছিল। আৰু অৱশেষত নিজে গৈ তাৰ ওচৰত ভুলবোৰ স্বীকাৰ কৰি ললোঁ। তাৰ পিছত সকলোবোৰ ঠিক হবলৈ ধৰিলে। দিনবোৰ সুখেৰে আৰম্ভ হবলৈ ধৰিলে। তাৰ চাকৰি হল। মই মনে বিচৰা ঘৰ বনালে,, গাড়ী কিনিলে ।আমাৰ ঘৰৰ মানুহেওঁ আদৰি লবলৈ ধৰিলে। সম্পৰ্কটো প্ৰায় ১০ বছৰ মান হোৱাৰ পিছত আমাৰ বিয়া হল। আৰু আমাৰ ভালপোৱাক ১০ বছৰৰ পিছত নাম দিলোঁ হৃদয়ৰ বান্ধোন ভাঙিব নোৱাৰে কোনো অজান শত্ৰুৱেই ❤️❤️

                  সমাপ্ত

লেখা:-✍️বৰ্ণালী ডেকা


পঢ়ি কেনে পায় সকলোৱে  comment ত জনাব 🙏🙏।