~জীৱন
                                       
বাহিৰত দবা-পিটা বৰষুণ। ৰাতিৰ পৰা একেৰাহে দিয়ে আছে । বিজয়ে ব্লেংকেটখন ভালকৈ টানি গাত মেৰিয়াই ল'লে । এনেকুৱা বৰষুণত শুৱাৰ আমেজেই কিছু সুকীয়া । সি মনতে ভাবিলে । ঘড়ীটোলৈ চালে ৮ বাজিছে । পাকঘৰত মাক-দেউতাকৰ কথোপকথন শুনিবলৈ পালে। মাকে কালি বিলত পাতি থোৱা ফাঁচীজালখন পুৱাই আনিলেগৈ। গাইজনীৰ গাখীৰো খীৰালে। কি বৰষুণ কি ৰ'দ মাহঁত সদায়েই ব্যস্ত । পুৱাৰ শুই উঠাৰ পৰা ৰাতি শোৱাৰলৈকে। সি ভাবি আছে। নিজৰে অলপ তাৰ দুখো লাগিল খঙো উঠিল নিজৰ ওপৰতে । মাকৰ পেটৰ সন্তানটো হৈ সি আৰামত শুই আছে । সেইবাবে সি মাকক সহায় কৰোগৈ বুলি বিচনাৰ পৰা উঠি গ'ল । মাকে তেতিয়া বাচন বোৰ ধুবলৈ টিউবেললৈ নিছে ।
"দে মা আজি মইয়ে বাচনখিনি  ধুওঁ , তইনো সদায় সদায় কিমান নুধুৱ "
                                                   
লেখা:-  ✍ মিণ্টু বকলীয়াল