Pubg vs Lovers a short story

 ৰিয়াৰ মনতো ৰাতিপুৱাৰ পৰা বেয়া , বিকাশ লৈ ফোন কৰি আছে উঠোৱা নাই, কাটি কাটি দিছে , ৰাতিপুৱাই ঘৰলৈ মাতিছে তাইক মাকে ফোন কৰি ,
ভনিয়েকে হে কলে তাইক চাবলৈ কোনোবা আলহি আহিব , মাকে কিন্তু একো কোৱা নাই , আলহী আহিব বুলি হে ক’লে ৷
  সেইবোৰ কথা ক’বলৈকে বাৰে বাৰে ফোনতো কৰি আছে উঠোৱা নাই বিকাশে , তাক ভাল পোৱা তিনিবছৰ এ হ’ল ডিগ্ৰীত প্ৰথম আহোতেই ভালপোৱা আৰম্ভ হৈছিল সিহঁতৰ, সি ভাড়াৰুমতে থাকে , তাই পিছে হোষ্টেলত থাকে , একেখন কলেজতে Department বেলেগ তাৰ geography আৰু তাইৰ political science , বহুত ভাল পোৱা হ’ল সিহঁতৰ মাজত এটাই যেন এটাক নেদেখাকৈ থাকিব নোৱাৰে এতিয়া, last semester ৰ পৰীক্ষা শেষ হৈছে পেক্টিকেল আছে বাকী , এই একমাহ মানৰ পৰা সি তাইক avoid কৰা নিছিনা পাইছে কিন্তু লাষ্ট পৰীক্ষাৰ বাবেই হয়তো পঢ়িছে ৷ কিবা pubg নে কি game এটাৰ কথা কয় ৷ কিমান নো পঢ়িব অলপ mind ফেচৰ বাবে খেলক, কিন্তু ইমান এদেকটেট হ’ব ভবা নাছিল ৷ তাই আকৌ ফোন লগালে ------ বহুত দেৰি ৰিং কৰাৰ পাছত এইবাৰ ধৰিলে ---

“ হেল্লো’ কি কৰি আছ, ইমান ফোন কৰি আছো ,! গম পোৱা নাই ? ”
“ গম নাই পোৱা অ পেক্টিকেল এটা কৰি আছিলো ”
“ গম নাই পোৱা যদি কেনেকৈ কাটিছিলি ”
“ অ এতিয়া game অলপ খেলিছো ”
“ অ গেমকে খেল , মই আজি ঘৰত যাম মা এ ফোন কৰি মাতিছিল তাকে ক’বলৈ ফোন কৰি আছো ”

“ অ হ’ব যা , পাছত ফোন কৰিম কাটি দে এতিয়া ping high হৈছে ।”

  কথা ক’ব খোজিও  ক’বলৈ নাপালে কাটি দিলে ফোনতো ৷ খং উঠা হৈছে আৰু তাইৰ , অকল গেম গেম,তাইৰ বাবে পাগল হৈ থকা ল’ৰাতো গেমৰ বাবে ফোন এটা নকৰা হ’ল , কৰিলেও বাহানা উলিয়াই কাটি দিয়ে , PING HIGH এই শব্দটো শুনি খং উঠা হ’ল আৰু তাই কি অৰ্থ বুজি নাপায় দৰকাৰো নাই কিন্তু সেই শব্দতোৱেই যেন তাইৰ শত্ৰু ,
  যাওঁ নাযাওঁ কৈ ঘৰলৈ উলাল , ঘৰত গৈ গম পালে সচাকৈয়ে তাইক চাবলৈ কোনোবা আহিব কাইলৈ , পেহীয়েকৰ চিনাকি বোলে , তাইৰ মনতো খেলি মেলি লাগিল, তালৈ ফোন লগালে -----
“ ঐ ক’ত আছ্ ? ”

“ ৰুমতে , তই ঘৰলৈ গ’লি ”

“সুধিবলৈ সময় হ’ল তোৰ আগতে তো মোক বাছত উঠাই থৈ গৈছিলি ? এতিয়া কেতিয়া পালি বুলি খৱৰ এটা কৰা নাই !😞 ”

“ কাম এটা কৰি আছিলো ফোন কৰিলো এ হয় , কৰিম ৰ’ , এই গেম খেলি লওঁ , PING HIGH হৈছে ”
 একো মানে , একো কবলৈ নাপালেই , এই যে পিং হাই মানে নো কি ৰ’হ লগৰ কাৰোবাৰকে সুধি লও,
এই শব্দতো এ মানে তাইৰ মাথা গৰম হৈ গৈছে ৷

GAME তো SLOw হ’লে নেট নাপালে অসুবিধা হোৱাতোকে PING বুলি কয় সাধাৰন ভাষাতে ক’লে ৰাহুলে , বিকাশৰ লগৰে সি , বিকাশে যে ৰুমতে দিনে ৰাতি এ গেম খেলি থাকে তাকো তাৰ মুখৰ পৰাই গ’ম পালে ৷
সি কিয় আতৰি গৈছে সাধাৰণ গেম এটাৰ বাবে তাইৰ পৰা , কাইলৈ বা কি হ’য় তাৰো একো এটা ইনকাম নাই ঘৰত তাৰ কথা ক’বলৈও তাক কথাবোৰ কবলৈও শুনিবই নিবিচাৰে তাই বহুত টেনচনত পৰিল ,এইবোৰ ভাবি থাকোতেই তাইৰ টোপনিতোৱে হেচামাৰি ধৰিলে ৷
ভাত কেইটা খাই তাক মেচেজ এটা দিলে “শুই যা গেম এৰ , গুদ নাইট ,”
 ৰিপ্লাইৰ আশা নকৰিলে,
এই গুদ নাইট গুদ মৰনিং মেচেজ বোৰ আশা নকৰাই হ’ল এই এক মাহৰ পৰা কিন্তু তালৈ যিতো মৰম সুমাল তাক একো ক’বই নোৱাৰে তাই খং কৰি আতৰি যাম ক’বলৈ ভয় লাগে ৷ পাগলতোৱে
হাত এ কাটি দিয়ে ,
তাই শুই গ’ল ভাবি ভাবি ৷

আজি দিনতো এ তাইৰ বাবে অতিকৈ কামোৰ দিন , ৰাতিপুৱা মাকে উঠাই দিয়াৰ পৰা আলহী আহিব আহিব বুলি কৈ ইটো কৰ সিটো কৰ কৰি কৰি , আলহী অহাৰ পাছত চাহ দিয়া মানে ইমান কামোৰ চাগে তাই আৱেলিৰ সমাজতত্ব ক্লাছতোতো নহৈছিল,  আৰু চাহ দিবলৈ যাওঁতে যে ল’ৰাটোৱে তাইলৈ চাইছিল , থিয়গোৰ মাৰি দিব মন গৈছিল ৷ তাই এবাৰেই তালৈ চাইছিল ,তাই বেয়া পোৱা টাটু টোৱে দেখিছিল ,যিটো বনাবলৈ লোৱাৰ বাবে তাই এবাৰ বিকাশক গালি পাৰিছিল , বাদ দে   যোনে যি বনাই তাইৰ মতলব কি , ল’ৰাতোৰ চাকৰি আছে বোলে ডাঙৰ কম্পানীত কৰে অসমৰ বাহিৰতে থাকে ৷
 তাই তলমূৰ কৰি চাহ দিয়াৰ বাবে ল’ৰাতোৰ মাকে তাইলৈ চাই লাজকুৰীয়া মোৰ বোৱাৰীজনী বুলি কৈছিল , চাল্লা মাক বাপেক ওচৰত নাথাকিব লাগিছিল গুৰিগোষ্ঠী উভালি গালি দি দিলে হয় ৷ মনতো ভাল লগা নাই তাই ,ম’বাইলটো চাজ ৰ পৰা আনি তালৈ ফোন কৰিবলৈ ল’লে ,
  মাকহঁতে পাতি আছে -- ল’ৰাৰ ঘৰৰ পৰা ফোন ল’ৰাৰ আজি এ নিয়াৰ মন হেনু ৷ পেক্টিকেল শেষ হ’লেই লৈ যাব, বিয়া বুলি নাপাতে সময় নাই একমাহৰ চুটি তাৰ , তাতে পাৰ্টি দিবগে , মাকহতেও না কৰা নাই, ধনী ঘৰৰ ল’ৰা পঢ়াশুনা কৰা ল’ৰা ৷
  চাল্লা ফোনতো তাই চাউটকৰে খোলি আনিলে , অথনি চাৰ্জত লগাই চুইজ এ নিদিলে তাই, এইটো আগৰে বেমাৰ চুইজ দিব পাহৰি যায় ,

তাই বিকাশলৈ ফোন লগালে কাটি কাটি দিছে সি , এই গেমতোৰ পৰা নহয় ৷ তাই ৰাহুললে ফোন কৰি তাক ক’বলৈ কলে, সকলো ক’লে তাই, ৰাহুলে তই কি কৰিবি বুলি সুধোতে তাই খংতে কৈ পালে বিকাশৰ খঙতে , “মই ঘৰৰ পচন্দতে বিয়া হ’ম কলেজ নাজাও আৰু তাক কবি ৷”
  তাই ঘৰত থাকিব মন নাই ৰুমলৈ যাবলৈ উলালে অকল ল’ৰা কথা চবৰে মুখত , তাইৰ কি একো কোৱাৰ অধিকাৰ নাই নেকি ? তাইৰ পচন্দ বুলিওতো কথা আছে ,
 “ মা মই ৰুমত যাওঁ , লগৰ এজনীৰ birthday আছে নগলে বহুত বেয়া পাব ”
“ তই কোৱা নাছিলি যে ৷ পেক্টিকেল শেষ হ’লেই আহিবি শুনকালে ”
“হ’ব ”
তাই উলাই গ’ল , মাত্ৰ ১ ঘন্টাৰ ৰাস্তা 5 মান বজাত টাউন পাবগৈ তাই ৷৷

ৰাহুলে ফোন কৰি বিকাশক ক’লে সকলো , প্ৰথমে ফোন কাটি দিছিল ping high বুলি কিন্তু বাৰে বাৰে কৰিলে শেষত সি ধৰিলে ৷

 কথাতো শুনি যেন তাৰ মাথাই কাম নকৰা হ’ল , সি তাইলৈ ফোন লগালে , কিন্তু ফোনতো off , তাৰ আৰু মাথাতো বেয়া হ’ল , সি pubg ত যে ইমান মগ্ন হৈ আছিল কি ঘটি আছিল এইবোৰ ভাবি তাৰ মাথাই কাম নকৰা হ’ল ৷ আকৌ তাইলৈ ফোন লগালে, off,  তাইৰ ৰ মাতো শুনিবলৈ যেন সি পাগৰল দৰে হৈছে, Off ফোনতোলৈ বাৰে বাৰে phone লগাইছে
 সচাকৈয়ে তাই বাৰু তাক দিয়া কথাবোৰ পাহৰি বিয়া হৈ যাব নেকি ?
তাক দেখুওৱা সপোনবোৰ কি মিছা আছিল চ’ব তাৰে দুখ pubg ৰ ভূটে পাইছিল তাক৷ সি লগে লগে pubg uninstall কৰিলে ,
নাই তাইৰ অবিহনে নোৱাৰে সি , মৰি থকাই ভাল ,
সি ব্লেডখন ল’লে ,
 আগতে কেইবাৰো তাইক ভয় খোৱাই হাত কাটিছে কিন্তু এইবাৰ সি শান্তি ৰ বাবে তাইক নোপোৱাৰ দুখত কাটিব , মৰিব বিচাৰে সি ,
ব্লেডৰ ধাৰতোলৈ চাই সি শেষ বাৰৰ বাবে কান্দিছে ৷
 দুৱাৰত কোনোৱাই টুকৰিয়া আছে , কোন এই সময়ত 7 টা মান বাজিছে সন্ধিয়া ৷ এই সময়তো কোনো নাহে ৰুমলৈ,
 সি বিচনাৰ পৰা কাপোৰ খনে মুখ খন মছি দুৱাৰখন খুলিলে ৷
ৰিয়া ! এই সময়ত ক’ৰ পৰা আহিল ৷
তাই তাক সাবটি কান্দিছে , সিও তাইক ধৰি কান্দিলে, 😭😭😭

“ কৰ পৰা আহিলি এতিয়া ? ”

“মোৰ ফোন অফ ,চাৰ্জ নাই কাকো ফোন কৰিবলৈ, তই কোৱা মনত আছিল ,বিচাৰি বিচাৰি আহিলো ,
মই তোলৈ গুছি আহিলো, তই নমতাকৈ এ ”

“মইও তাকে বিছাৰিছিলো এতিয়া আমাৰ সপোনবোৰ লাহে লাহে আগবঢ়াই দিঠক কৰিম ”

“ তই চিন্তা নকৰিবি তই একো নকৰালৈ কে নোপোৱালৈকে মই টিউচন চেন্টৰতে সোমাম , মাথো তোৰ লগত থাকিম ৷”

“মোক অলপ পিছত অহা হ’লে নাপালি হয় ,মৰিব লৈছিলোঁ তোৰ বাবেই, তোৰ অবিহনে নোৱাৰো অ’😭 ”
“ মই জানো তোৰ কথা, তোৰ পাগলামি বোৰো বুজো ,মোৰ বুকুতো Ping high হ’ল ,সেয়েহে সকলো বাদ দি তোলৈ গুছি আহিলো , লগৰবোৰক কৈ দে ঘৰত গ’ম পাওঁক তোৰো , মোৰো ৷”

সমাপ্ত ❤️
❤️❤️

কমেণ্ট কৰি জনাব কেনে পালে পঢ়ি 🙏

লেখা:- ইশান চাংমাই